মাৰ্ঘেৰিটা,2 জুলাই:অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদত কপি উঠে সমগ্ৰ ৰাজ্য ৷ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বুধবাৰে অসম চৰকাৰৰ কেবিনেটে নতুন ভূমি নীতি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চৰকাৰৰ উক্ত সিদ্ধান্ত গ্ৰহণৰ বিৰুদ্ধে সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ মাৰ্ঘেৰিটাতো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ব্লক তিনিআলিত ভূমি নীতিৰ প্ৰতিলিপি দাহনেৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ আছুৰ স্পষ্ট অভিযোগ যে,সততে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে খিলঞ্জীয়া ৰাইজৰ আবেগত আঘাত হানি গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
চৰকাৰৰ বিৰোধী শ্লগানেৰে উত্তাল মাৰ্ঘেৰিটাৰ ৰাজপথ - বিজেপি চৰকাৰ
উদ্যোগ স্থাপনৰ নামত চৰকাৰে খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ কাঢ়ি লোৱাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্য়স্ত কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৷ আছুৰ স্পষ্ট অভিযোগ এয়া বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী একপ্ৰকাৰৰ ষড়যন্ত্ৰ ৷
![চৰকাৰৰ বিৰোধী শ্লগানেৰে উত্তাল মাৰ্ঘেৰিটাৰ ৰাজপথ AASU Protest against impliment of land laws 2020 margherita tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7860099-thumbnail-3x2-a.jpg)
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ
শেহতীয়াকৈ কেবিনেটত গ্ৰহণ কৰা অধিসূচনাৰ যোগেদি ৰাজহ বিভাগৰ অনুমতি অবিহনে যি কোনো লোকে উদ্যোগ স্থাপনৰ নামত অসমৰ মাটি কিনাৰ যি নীতি গ্ৰহণ কৰিছে, ই সম্পূৰ্ণৰূপে খিলঞ্জীয়া বিৰোধী ৷ এয়া অসমীয়া লোকৰ বাবে এক চৰম প্ৰতাৰণা বুলি অভিযোগ কৰি আছুৱে জাতি-মাটি-ভেটিৰ সুৰক্ষা বিজেপি চৰকাৰৰ মাত্ৰ শ্লোগান বুলিহে উল্লেখ কৰে ৷
লগতে চাওকঃগোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ