তিনিচুকীয়া, ১ ফেব্ৰুৱাৰী : ১ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুৎ বিভাগে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই ঘাটি বাজেট পূৰণ কৰিবলৈ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি (APDCL hiked electricity tariff) কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা (AASU protest against electricity tariff hike) ৷ বিদ্যুত বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বুধবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰে ।
লগতে অনতিপলমে পুনৰ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবীত তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (electricity tariff hike protest in Tinsukia) ৷ তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখৰ পৰা জি এন বি পথেৰে থানা চাৰিআলিলৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে সমদল উলিয়াই বিদ্যুত বিভাগ হায় হায়, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, বিজেপি হায় হায়, শক্তি মন্ত্ৰী হুঁচিয়াৰ, জনতাৰ মূৰত ৰামটাঙোন শোধোৱা বন্ধ কৰক, আছু লং লীভ, জয় আই অসম আদি শ্লোগানেৰে চহৰখনৰ আকাশ-বতাহ মুখৰিত কৰি তোলে (Tinsukia AASU protest for electricity tariff hike) ৷
এই প্ৰতিবাদৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিখিল কোচ আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰাই চৰকাৰ তথা বিদ্যুত বিভাগলৈ সকীয়নি প্ৰদান কৰে । তেওঁলোকে অনতিপলমে যদি বিদ্যুত বিভাগে এই ঘৰুৱা বিদ্যুতৰ মাচুল হ্ৰাস নকৰে তেন্ত অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰে ৷ আনহাতে, প্ৰতিবাদৰ শেষত থানা চাৰিআলিতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতু ডেকাই আঁত ধৰা এক সভাৰ জৰিয়তে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিখিল কোচে প্ৰতিবাদৰ সামৰণি মাৰে ।