তিনিচুকীয়া, 10 জানুৱাৰীঃ তিনিচুকীয়া গেলাপুখুৰীত আছুৱে ক'লা পতাকা দেখুৱালে চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক । বিধায়ক গৰাকীয়ে তিনিচুকীয়া গেলাপুখুৰী এজন বিজেপি কৰ্মী আৰু বৰগুৰি গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মকান্ত বৰপাত্ৰ গোহাঁই ঘৰলৈ গৈ থকা সময়তে ক'লা পতাকা প্ৰদৰ্শন কৰে৷ প্ৰতিবাদৰ সময়ত ঘৰৰ ভিতৰতে সোমাই থাকিল বিজেপি বিধায়ক বিনোদ হাজৰিকা ।
আনহাতে, ক'লা পতাকা প্ৰদৰ্শন কৰা আছুৰ তিনিচুকীয়া জিলা সভাপতি সম্পাদক সহ প্ৰতিবাদকাৰীক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে ।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি দখলত থকা বৰগুৰি পঞ্চায়ৰ সভাপতি ধৰ্মাকান্ত বৰপাত্ৰ গোঁহাই সহ পঞ্চায়তৰ আটাইকেইগৰাকী সদস্যই জিলা আছুৰ সন্মুখত পদত্যাগ কৰিছিল । কিন্তু পদত্যাগৰ পাচতো শুকুৰবাৰে পঞ্চায়ৰ সভাপতিৰ বাসগৃহত বিধায়ক গৰাকী উপস্থিত হোৱা কাৰ্যই আচম্বিত কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ৷
ইফালে ক'লা পতাকা দেখুৱাৰ পিছতে বিধায়ক বিনোদ হাজৰিকাৰ প্ৰতিক্ৰিয়া, "প্ৰতিবাদকাৰি সকলে ঘৰ জ্বলাব অহাৰ বাবেই ধৰ্মকান্ত বৰপাত্ৰ গোঁহাইক পদত্যাগক কৰিবলৈ কৈছিলো৷ সিহঁতে ক'লা পতাকা লৈ ঘূৰিছে আমি বগা পতাকা লৈ ঘূৰিছো ৷ এজনো যদি বাংলাদেশীক সংস্থাপন দিয়ে তেন্তে চাবুৱাত বিজেপি নাথাকিব" বুলি মন্তব্য আগবঢ়াই বিধায়ক গৰাকীয়ে ৷