তিনিচুকীয়া, 24 জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ আহ্বান মৰ্মে দেওবাৰে 'কা' (নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰোধিতাৰে ৰাজ্যজুৰি লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাইও তিনিচুকীয়াস্থিত কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ শাসনকালত গণতন্ত্ৰৰ ক’লা অধ্যায় সূচনা হোৱাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত 'কা' ৰ বিৰোধিতাৰে প্ৰতিবাদকাৰী সকলে 'কা' ৰ প্ৰতিলিপি দাহ কৰে ৷
উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ক'লা পতাকা উত্তোলন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷