ডুমডুমা, 1 ফেব্ৰুৱাৰী :সোমবাৰে ডুমডুমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে মুখ্যমন্ত্ৰী গৰাকীৰ পুত্তলিকা ৷ ডুমডুমাত আছু আৰু আৰক্ষীৰ মাজত মুখ্যমন্ত্ৰীৰ পুত্তলিকাক লৈ টনা-আঁজোৰা হোৱাৰ মাজতেই আছুৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷
ডুমডুমাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা - aasu-burnt-cm-sarbananda-sonowals-effigy
তেজপুৰ আৰু শুৱালকুছিত আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে প্ৰদৰ্শন কৰা বৰ্বৰতাৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছে আছুৱে ৷ ডুমডুমাটো আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰী গৰাকীৰ পুত্তলিকা ৷
![ডুমডুমাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা aasu-burnt-cm-sarbananda-sonowals-effigy-at-doomdoma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10459031-thumbnail-3x2-p1.jpg)
ডুমডুমাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা
ডুমডুমাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা
উল্লেখ্য যে, তেজপুৰ আৰু শুৱালকুছিত আছু কৰ্মীৰ ওপৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগৰ বৰ্বৰতাৰ বিৰুদ্ধে সোমবাৰে আছুৱে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ডুমডুমাত মুখ্যমন্ত্ৰীৰ পুত্তলিক দাহ কৰাৰ সময়ত আছু সদস্যসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়কঃগুৱাহাটীৰ শ্বহীদ ন্যাস সন্মুখত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ আছুৰ