অসম

assam

ETV Bharat / state

উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়ত নাই পৰ্যাপ্ত আসন !

2016 চনতেই ডুমডুমা নগৰ খেলপথাৰৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাত এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰাথমিক কামো আগবঢ়া পৰিলক্ষিত হোৱা নাই ।

নামভৰ্তিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল ডুমডুমা

By

Published : Jun 18, 2019, 6:39 PM IST

ডুমডুমা,18 জুন: প্ৰত্যেক বছৰৰ দৰে এই বছৰো ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল ডুমডুমা। মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতি বছৰেই উদ্ভৱ হ'য় এক অনাকাংক্ষিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসনৰ সংখ্যা কম হোৱাৰ বাবেই এই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'য়। মহাবিদ্যালয়খনত স্নাতক প্ৰথম ষাণ্মাষিকত ৩০০ আসনৰ পৰিৱৰ্তে প-পত্ৰ জমা কৰিছে প্ৰায় 1162 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। অন্যহাতে মহাবিদ্যালয়খনত বিগত বছৰসমূহত পুৱাৰ পাঠদান ( Morning Shifts) ৰ ব্যৱস্থা কৰা হৈছিল যদিও চৰকাৰৰ কিছুমান নীতিৰ বাবে এই ব্যৱস্থাৰ পাঠদান বৰ্তমান বন্ধ হৈ পৰিছে। যাৰ ফলত শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

নামভৰ্তিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল ডুমডুমা

এই সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি মঙলবাৰে ডুমডুমাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে কেইবাটাও ছাত্ৰ সংগঠনে। আছু,যুৱ-ছাত্ৰ পৰিষদ,মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাজপথত টায়াৰ জ্বলাই তিনি ঘন্টীয়া পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, 2016 চনতেই ডুমডুমা নগৰ খেলপথাৰৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাত এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰাথমিক কামো আগবঢ়া পৰিলক্ষিত হোৱা নাই। যাৰ পৰিপেক্ষিতত অঞ্চলটোৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে অঞ্চলটোৰ ছাত্ৰ সংগঠসমূহে।

ABOUT THE AUTHOR

...view details