তিনিচুকীয়া,18 নৱেম্বৰঃ আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন ৷ আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অতি জাকজমকতাৰে অনুষ্ঠিত কৰা হৈছে অধিৱেশনখন ৷ অনুষ্ঠানৰ আৰম্ভনিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণ ‘জ্যোতি বাটচ'ৰা’ৰ আৰ্হিত নিৰ্মিত মূল বাটচ'ৰা উদ্বোধন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোকবিকাশ গগৈয়ে । ইয়াৰ পিছতে মণ্ডপৰ সন্মুখত নিৰ্মাণ কৰি উলিওৱা "আমি একেখন নাৱৰে যাত্ৰী" শীৰ্ষক তোৰণ উদ্ধোধন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকাই ।
4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশন
আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলিয়াজান অধিৱেশন ৷ অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণ ‘জ্যোতি বাটচ'ৰা’ৰ আৰ্হিত নিৰ্মিত মূল বাটচ'ৰা উদ্বোধন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোকবিকাশ গগৈয়ে ।
শ্বহীদ সোৱঁৰণী মূল মণ্ডপ আৰু অইল ইণ্ডিয়া লিমিটেডৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ সুৰেন্দ্ৰনাথ গগৈয়ে । আনহাতে নিত্যা দত্ত সোঁৱৰণী প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ মুকলি কৰে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ লখিমী ফুকনে । বিয়লি ১ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পাছতে দুলীয়াজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ সন্তোষ দাসে প্ৰতিনিধি শিবিৰ,অইলৰ আৱাসিক মুখ্য বিষয়া দিলীপ কুমাৰ দাসে জন বেৰি হুৱাইট হাউচ আৰ্হিৰ অতিথিশালাৰ দ্বাৰ,দুলীয়াজান বালিকা বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী অলি বৰুৱাই ভোজনালয়ৰ দ্বাৰ মুকলি কৰে।
লগতে পঢ়ক-আছুৰ 17 সংখ্যক দুলীয়াজান অধিৱেশন আৰম্ভ