অসম

assam

ETV Bharat / state

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা - tinsukia

নামভৰ্তিক কেন্দ্ৰ কৰি সৃষ্টি অনাকাংক্ষিত পৰিস্থিতিৰ ৷ নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক অতিশীঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবীত আটছাৰ দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৷

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা

By

Published : Jul 20, 2019, 3:48 PM IST

ডুমডুমা, 20 জুলাই : ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খত নামভৰ্তিক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত আসনৰ সংখ্যা তেনেই সীমিত । যাৰ পৰিপেক্ষিততে হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । এই সম্পৰ্কত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাৎক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আটছাৰ ।

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা

তাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডুমডুমা শাখা সমিতিয়ে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক লৈ ডুমডুমাৰ বৰহাপজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে ২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ দাবী, ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত প্ৰায় ৭৩২ গৰাকী শিক্ষাৰ্থীক অতিশীঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতেই ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ কাম শীঘ্ৰেই আৰম্ভ কৰক ৷

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু যান-বাহন ৷

ABOUT THE AUTHOR

...view details