অসম

assam

ETV Bharat / state

তিনিচুকীয়াত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ

তিনিচুকীয়াত আটছাৰ প্ৰতিবাদ । ৪ দফীয়া দাবীৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাই সাব্যস্ত কৰিলে 2ঘণ্টীয়া এক প্ৰতিবাদী কাৰ্যসূচী।

AATSA protest
তিনিচুকীয়াত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ

By

Published : Sep 25, 2020, 9:25 PM IST

তিনিচুকীয়া , 25 ছেপ্টেম্বৰ : তিনিচুকীয়াত আটছাৰ প্ৰতিবাদ । ৪ দফীয়া দাবীৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাই সাব্যস্ত কৰিলে 2ঘণ্টীয়া এক প্ৰতিবাদী কাৰ্যসূচী । অসমৰ আদিবাসী সকলক জনজাতি মৰ্যাদা অতি শীঘ্ৰে প্ৰদান কৰিব লাগে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকাকৈ বৃদ্ধি কৰিব লাগে, গাঁৱৰ বাগিছা আৰু বনাঞ্চলত বসবাস কৰা অসমৰ আদিবাসী লোক সকলক শীঘ্ৰে মাটি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা আদি দাবীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

তিনিচুকীয়াত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বিধায়ক তথা অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ দৰে এগৰাকী আদিবাসী নেতা থকাৰ পিছতো চাহ শ্ৰমিক সকলে নিতৌ প্ৰতিবাদ কৰি কোনো ধৰণৰ সমস্যাৰ সমাধান পোৱা নাই বুলি ক্ষোভ উজাৰে আদিবাসী ছাত্র সন্থাৰ নেতৃত্বই ৷ প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।লগতে পঢ়ক:বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবেহে গঠন হৈছে এজেপি দল: শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details