তিনিচুকীয়া,১ ফেব্ৰুৱাৰী :সমাগত অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। ইতিমধ্যে শাসকীয় বিজেপিকে ধৰি সকলো বিৰোধী দল সাজু হৈ নিৰ্বাচনৰ বাবে । তিনিচুকীয়া জিলাত ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ মাজতে আম আদমি পাৰ্টিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে (AAP to contest Assam municipal elections)।
তিনিচুকীয়া জিলা সমিতিৰ সমন্বয়ক চিণ্টু বৰুৱাই উল্লেখ কৰা মতে জিলাখনত পৌৰসভাৰ কৰিবলগীয়া কাম যথেষ্ট পৰিমাণে আছে । কিন্তু এতিয়ালৈ সেই ধৰণৰ কাম হোৱা নাই । গতিকে পৌৰসভা এলেকাৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে অহা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । ইতিমধ্যে আম আদমি পাৰ্টি তিনিচুকীয়া জিলা সমিতিখন গঠন হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।