তিনিচুকীয়া, ৪ মে: ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ধর্ষণ, বাল্যবিবাহ, মাদক দ্রব্য ইত্যাদিৰ বিষয়ত কঠোৰ নীতিৰে নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে (AAP protest in Tinsukia)। কিন্তু তাৰ পাচতো দৈনিক এই সামাজিক কু-কৰ্মবোৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে বিফল হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল (Minor girl rape in Tinsukia) ৷
উল্লেখ্য যে, যোৱা ইংৰাজী ২০ মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নিবাসী জনৈক প্ৰজাৰ ১৩ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে (AAP protest to demand arrest rape accused) । পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰোৱাৰ পিচতো নীৰৱ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে (Protest demanding justice of a Rape victim) ।
ইফালে দিনৰ ওপৰি দিন উকলি যোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালটোৱে ন্যায় নোপোৱাত কিশোৰীগৰাকীৰ ৪৫ বছৰীয়া মাতৃয়ে বিহুৰ দিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনটোতেই আত্মহননৰ পথ বাচি লয় (Rape victims mother suicide) । এই ঘটনাৰ খবৰ পোৱাৰ পিচতে স্থানীয় শ শ ৰাইজ ওলাই সন্ধিয়া বাহাদুৰ চাৰিআলি ঘাইপথ অৱৰোধ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল (Protest in Tinsukia)। কিন্তু আজিলৈ আৰক্ষীৰ জালত নপৰিল ধৰ্ষণৰ অভিযুক্ত সমুদ্ৰ ৰায় লিম্বু (Rape accused not arrested yet)৷
ইয়াৰ পিচতে বৃহস্পতিবাৰে আম আদমী পাৰ্টি তিনিচুকীয়া জিলা সমিতিয়ে ধৰ্ষণৰ অভিুক্ত বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে ৷ লগতে উক্ত ঘটনাৰ ডেৰ মাহ উকলি যোৱাৰ পাচতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱাত আম আদমী পাৰ্টি তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে ৷