তিনিচুকীয়া,3 ডিচেম্বৰ: "ইছলাম আৰু কোৰাণৰ কলংকৃত কথাবোৰ " শীৰ্ষক গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ ৷ উল্লেখ্য যে গ্ৰন্থ খনৰ উপৰিও কিছুদিন পূৰ্বে তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰি ইছলাম আৰু কোৰাণ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল লেখক বৰাই ৷
লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ - AAMSU protest to arrest writer Satyaranjan Borah
গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ ৷ অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আমছুৰ ৷
![লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5255912-thumbnail-3x2-p1.jpg)
লেখক সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী আমছুৰ
লেখক সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী আমছুৰ
লেখকজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙলবাৰে তিনিচুকীয়া জিলা সমিতিৰ সদস্য সকলে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে তিনিচুকীয়া থানা চাৰি আলিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰি লেখকগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ৷ লগতে লেখক জনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷