ডুমডুমা, 27 মে':লকডাউনৰ মাজতে শ্ৰমিকৰ কামৰ সময় 8 ঘন্টাৰ পৰিৱৰ্তে 12 ঘন্টালৈ বৃদ্ধি কৰা শ্ৰমিক আইন সংশোধনীৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ শীঘ্ৰে এই আইনখন বাতিলৰ কৰাৰ দাবীৰে বুধবাৰে ডুমডুমাৰ বিছাকপি চাহ বাগিছাত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ লগতে সংশোধিত আইনখন চাহবাগিছা সমূহত প্ৰযোজ্য নকৰিবলৈ বাগিছাসমূহৰ পৰিচালকসকললৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগত সংশোধিত শ্ৰম আইনখন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখ্য যে, সংগঠনটোৰ আহ্বান মৰ্মে বুধবাৰে সদৌ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ আদিবাসী ছাত্ৰ সন্থাই ৷
প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ - Proposed amendment labour act
সংশোধিত আইনখন চাহবাগিছা সমূহত প্ৰযোজ্য নকৰিবলৈ বাগিছাসমূহৰ পৰিচালকসকললৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সংশোধিত শ্ৰম আইনখন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ৷
![প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ AAASA protest against Proposed amendment labour act at Doomdooma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7363099-thumbnail-3x2-p1.jpg)
সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ
প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ
উল্লেখ্য যে, লকডাউনৰ সময়ত দেশৰ উদ্যোগ ক্ষেত্ৰখনত হোৱা অভাৱনীয় ক্ষতি পুৰণৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে উদ্যোগ সমুহৰ শ্ৰমিকৰ কৰ্ম সময় বৰ্তমানৰ 8 ঘন্টাৰ পৰা বৃদ্ধি কৰি 12 ঘন্টা কৰাৰ এক সিদ্ধান্ত কৰিছে চৰকাৰে ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰখনে কেবিনেটত শ্ৰম আইনখনৰ কিছু দফা সংশোধন কৰা বিষয়টোক তীব্ৰ প্ৰতিবাদ জনাইছে আদিবাসী ছাত্ৰ সন্থাই ৷
TAGGED:
ডুমডুমাত আছাৰ প্ৰতিবাদ