তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ :দুভৰিৰে নিয়ৰ গচকি আকৌ আহিল আহিন ৷ আহিন মানেই যেন এক সুকীয়া অনুভূতি ৷ আহিন মানেই যেন শৰতৰ আগমনি ৷ আহিনৰ লগতেই আহে শাৰদীয় উৎসৱ ৷ নিয়ৰৰ প্ৰতিটো টোপালৰ মুকুতা জিলিকে দুবৰি বনত ৷
ঋতু আহে, ঋতু যায় ৷ বৰ্ষাই সেউজী পৃথিৱী ধুই নিকা কৰাৰ পিচতেই আহিনৰ আঁচলত ধৰি ভুমুকি মাৰে শৰতে ৷ অসমীয়া সমাজৰ জন-জীৱনৰ এক মধুময় সময় এই আহিন মাহ । শাওণৰ পথাৰত গুজি দিয়া সেউজীয়া সপোনবোৰ লহপহকৈ বাঢ়ি আহে আহিনতে । গাখীৰতী ধানৰ থোকে দুচকুত আশা জগাই কৃষকৰ ৷ বিশাল আকাশৰ ডাৱৰ গুচাই নীলিমাই আৱৰি ধৰে ৷ চৌপাশ নিৰ্মল হৈ পৰে আহিনৰ পৰশত ৷
আহিনৰ সৌন্দৰ্য কেৱল পথাৰতেই দেখা নাযায় ৷ নৈ, বিলৰ পাৰত শুকুলা চাদৰৰ দৰে বতাহত হালি-জালি কহুৱাই দি যায় শৰতৰ আগমনৰ বতৰা ৷ চোতালৰ দুবৰি নিয়ৰত তিতে, নিশা আমোল-মোলাই শেৱালিৰ গোন্ধে আৰু পুৱা পদুলি উপচাই তলসৰা শেৱালিয়ে ৷