ডুমডুমা,19 জুনঃবাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে অইল ইণ্ডিয়া,অ'এনজিচিৰ লগতে ভাৰতীয় সেনাবাহিনীও ৷ ভাৰতীয় সেনা বাহিনীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সেনাৰ এটা দলে বাঘজানৰ খাদৰ সমীপত আৰম্ভ কৰিছে দলং নিৰ্মাণ কাৰ্য ৷ দলঙৰ সহায়েৰে বিশেষজ্ঞৰ দলৰ লগতে জুই নিয়ন্ত্ৰণত জড়িত দলসমূহ ঘটনাস্থলীলৈ যাবলৈ সুবিধা হোৱাৰ অৰ্থে নিৰ্মাণ কৰা হৈছে দলঙখন ৷ খাদটোৰ সমীপতে থকা এটা বৃহৎ আকাৰৰ পুখুৰীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলঙখন ৷ শুকুৰবাৰে এই সন্দৰ্ভত ব্ৰেইলী ব্ৰীজৰ কামৰ বুজ ল'বলৈ বাঘজানত উপস্থিত হয় ভাৰতীয় সেনা বাহিনীৰ তৃতীয় ক’ৰৰ জি.অ'. চি. লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৷ আনহাতে স্থানীয় লোকৰো আশা সফল হওক জুই নিৰ্বাপনত জড়িত দলসমূহ ৷
বাঘজানত ভাৰতীয় সেনা বাহিনীৰ বিশেষ পদক্ষেপ - অইল ইণ্ডিয়া
ভাৰতীয় সেনা বাহিনীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সেনাৰ এটা দলে বাঘজানৰ খাদৰ সমীপত আৰম্ভ কৰিছে দলং নিৰ্মাণ কাৰ্য ৷ দলঙৰ সহায়েৰে বিশেষজ্ঞৰ দলৰ লগতে জুই নিয়ন্ত্ৰণত জড়িত দলসমূহ ঘটনাস্থলীলৈ যাবলৈ সুবিধা হোৱাৰ অৰ্থে নিৰ্মাণ কৰা হৈছে দলঙখন ৷
বাঘজানত ভাৰতীয় সেনা বাহিনীৰ বিশেষ পদক্ষেপ