নাহৰকটীয়া, 6 মে': শেহতীয়াকৈ হৈ যোৱা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে বৃহত্তৰ চাচনী মৌজাৰ কেইবাটাও ঘৰ । প্ৰলয়ংকাৰী ধুমুহাৰ বিস্তৰ ক্ষতিসাধনৰ বিষয়ে গ'ম পায়েই ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বলৈ আহিছিল, চাচনী মৌজাৰ হুদুপৰা গাঁৱৰ শৰৎ চাৰিঙীয়া ফুকন নামৰ এগৰাকী সমাজসেৱী যুৱক । তেতিয়াই তেওঁৰ চকুত পৰিছিল, ধুমুহাই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা চাচনীৰ ২ নং টিংৰাই গাঁৱৰ বুদ্ধেশ্বৰ দত্ত নামৰ ব্যক্তিজনৰ ঘৰটোলৈ । বজাৰত শাক-পাচলি বিক্ৰী কৰি পোৱা ধনেৰে সাজি লোৱা পঁজাটোৰ যেন এতিয়া অস্তিত্বই নোহোৱা হ'ল । লগতে ধুমুহাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়তো ভৰ্তি হ'বলগীয়া হৈছিল লোকজন ।
ধুমুহাত ক্ষতিগ্ৰস্ত লোকৰ ঘৰ নিৰ্মাণ কৰি দিলে মানৱদৰদী যুৱকে - বিস্তৰ ক্ষতিসাধন
প্ৰলয়ংকাৰী ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা চাচনীৰ ২ নং টিংৰাই গাঁৱৰ বুদ্ধেশ্বৰ দত্ত নামৰ ব্যক্তিজনক ঘৰ নিৰ্মাণ কৰি দিলে, সমাজসেৱী শৰৎ চাৰিঙীয়া ফুকন নামৰ যুৱকজনে ।
a social worker youth build house for a storm affected family
লোকজনৰ শোচনীয় অৱস্থালৈ মন কৰি সমাজসেৱী যুৱকজনে, তেওঁৰ নিজা প্ৰচেষ্টাৰে কেইগৰাকীমান লোকৰ সহযোগত এটা ঘৰ নিৰ্মাণ দিয়ে ।
লগতে পঢ়কঃলক্ ডাউনে বিধ্বস্ত কৰা আমগুৰিৰ কুটীৰ শিল্পীৰ মনৰ কথাৰে...
Last Updated : May 6, 2020, 6:26 PM IST