অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ মাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন - 108 এম্বুলেন্স

তিনিচুকীয়া জিলাৰ মাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা হয় ৷ মাকুম পথৰ সমীপৰ এটা পে'ট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

road accident
তিনিচুকীয়াৰ মাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

By

Published : Aug 20, 2021, 5:51 PM IST

তিনিচুকীয়া, 20 আগষ্ট : তিনিচুকীয়া জিলাৰ মাকুমত বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মাকুম পথৰ সমীপৰ এটা পে'ট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহনে মহতিয়াই থৈ যায় দুই স্কুটী আৰোহীক ৷

দুৰ্ঘটনাটোৰ এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ৷ নিহত ব্যক্তিজন ধেমাজিৰ গোপীনাথ চুতীয়া । সদৌ অসম গাড়ী চালক সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল গোপীনাথ চুতীয়া ।

আনহাতে গুৰুতৰ ভাৱে আহত হোৱা ব্যক্তিজন কাকপথাৰৰ বিপিন মৰাণ । সদৌ অসম গাড়ী চালক সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সভাপতিৰ দায়িত্বত আছিল বিপিন মৰাণ । বৰ্তমান নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা হৈছে ।

তিনিচুকীয়াৰ মাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

লগতে পঢ়ক:OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

আহত লোকজন তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, স্থানীয় লোকে অভিযোগ কৰা মতে, দৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে এম্বুলেন্স সেৱাৰ বাবে বহুবাৰ 108 নম্বৰত ফোন কৰিছিল ৷ কিন্তু যোগাযোগ স্থাপন হোৱাৰ বহু সময়ৰ পাচত হে ঘটনাস্থলীত উপস্থিত হয় 108 এম্বুলেন্স ৷

গতিকে এই ক্ষেত্ৰত সদৌ অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধন বাহাদুৰ নেৱাৰে এনেধৰণৰ এম্বুলেন্স সেৱাৰ বিসংগতি সমূহ দূৰ কৰি ফোন কৰা পাচতে এম্বুলেন্স সেৱা উপলব্ধ হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ স্বাস্থ্য বিভাগক অনুৰোধ জনায় ৷ ইয়াৰ লগতে দুৰ্ঘটনাটো লগত জড়িত থকা গাড়ীখনক অতি সোনকালে জব্দ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক আহ্বান জনাইছে ধন বাহাদুৰ নেৱাৰে ৷

লগতে পঢ়ক:প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

ABOUT THE AUTHOR

...view details