অসম

assam

ETV Bharat / state

জাতি-জনগোষ্ঠীৰ মিলনভূমি লিডুত আটকধুনীয়াকৈ নিৰ্মাণ হৈ উঠিল এটি নামঘৰ - জনগোষ্ঠীৰ মিলনভূমি লিডু

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি লিডুত আটকধুনীয়াকৈ পুনঃ নিৰ্মাণ হৈ উঠিল এটি নামঘৰ । নামঘৰত অনুষ্ঠিত সভাত নামঘৰটি নিৰ্মাণত সহযোগিতা আগবঢ়োৱা 120 গৰাকী দাতাক সম্বৰ্ধনা জনোৱা হয় ।

a-namghar-was-built-in-the-lido-the-land-of-the-ethnic-community-etv-bharat-assam-news
জাতি - জনগোষ্ঠীৰ মিলনভূমি লিডুত আটকধুনীয়াকৈ নিৰ্মাণ হৈ উঠিল এটি নামঘৰ

By

Published : Aug 20, 2021, 1:55 PM IST

তিনিচুকীয়া, 20 আগষ্ট : নামঘৰ অসমীয়া জনজীৱনৰ স্বাভিমান । ই অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক । সংস্কৃতিৰ আকৰ, স্থাপত্য বিদ্যাৰ এক শ্ৰেষ্ঠ নিদৰ্শন । 2020 চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল তিনিচুকীয়া জিলাৰ লিডুৰ স্বৰ্ণজয়ন্তী গৰকা কেন্দ্ৰীয় নামঘৰৰ পুনঃ নিৰ্মাণ ।

মাত্ৰ ডেৰবছৰতে নিৰ্মাণ সম্পন্ন হয় প্ৰায় 50 লক্ষ টকা ব্যয় সাপেক্ষে এই নামঘৰটি । বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি লিডুত আটকধুনীয়াকৈ পুনঃ নিৰ্মাণ হৈ উঠিল এই নামঘৰটি । গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া নামঘৰৰ আৰ্হিত লিডু কেন্দ্ৰীয় নামঘৰটিৰ বাটচ'ৰা আৰু নামঘৰৰ সন্মুখ ভাগ নিৰ্মাণ কৰা হৈছে ।

জাতি - জনগোষ্ঠীৰ মিলনভূমি লিডুত আটকধুনীয়াকৈ নিৰ্মাণ হৈ উঠিল এটি নামঘৰ

উজনি অসমৰ ভিতৰতে অন্যতম আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে এই নামঘৰটি । ভাদৰ পবিত্ৰ দিনটোত নামঘৰটোৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । নামঘৰটিৰ সিংহভাগ প্ৰতিষ্ঠা কৰে বনগঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমনাৰায়ণ গোস্বামীয়ে ।

নামঘৰৰ মূল তোৰণ বিধায়ক ভাস্কৰ শৰ্মাৰ পত্নী আমছা শৰ্মা, নামঘৰটিৰ মূল গৃহ মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা , ভকতৰ জিৰণি চ'ৰা আৰু পাকঘৰটি খণ্ড উন্নয়ণ বিষয়া উৰ্বশী চেতিয়া , মনিকূটটি সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামীয়ে উদ্বোধন কৰে । তদুপৰি অনুষ্ঠিত সভাত নামঘৰটি নিৰ্মাণত সহযোগিতা আগবঢ়োৱা 120 গৰাকী দাতাক সম্বৰ্ধনা জনোৱা হয় । স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ড৹ ৰঞ্জিত দত্তই ।

লগতে পঢ়ক:আজি পৱিত্ৰ পৰ্ব মহৰম : ৰাজ্য চৰকাৰৰ অৰ্ধ ছুটী ঘোষণা

ABOUT THE AUTHOR

...view details