অসম

assam

By

Published : Feb 15, 2021, 9:38 AM IST

ETV Bharat / state

যৌতুকজনিত কাৰণত বোৱাৰী হত্যাৰ অভিযোগ

দেওবাৰে দুলীয়াজানৰ ভাদৈ পাঁচআলিত নৱ বিবাহিতা বোৱাৰী পুষ্পা দাসৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে দুলীয়াজান আৰক্ষী থানা ৷

দুলীয়াজানৰ ভাদৈ পাঁচআলিত নৱ বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু
দুলীয়াজানৰ ভাদৈ পাঁচআলিত নৱ বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মৰাণ,15 ফেব্ৰুৱাৰীঃযৌতুক নিদিয়াৰ বাবেই মৃত্যুক সাৱতিবলগীয়া হৈছে এগৰাকী নৱ বিবাহিতা বোৱাৰীয়ে ৷ দুলীয়াজানৰ ভাদৈ পাঁচআলিত সংঘটিত হৈছে এই ঘটনা ৷ দেওবাৰে বোৱাৰীগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে দুলীয়াজান আৰক্ষী থানা । স্বামীয়ে পৰিকল্পিতভাৱে পুষ্পাক হত্যা কৰাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ মাতৃ পৰিয়ালে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নাহৰকটীয়াৰ পুৰণি কৈৱৰ্ত গাঁৱৰ নিবাসী পুষ্পা দাস চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ভাদৈ পাঁচআলি এৰাপথাৰৰ দীপজ্যোতি গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ পুষ্পাৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি বিবাহৰ পিছৰ পৰাই স্বামীয়ে যৌতুকৰ বাবে মাৰপিট কৰি আহিছিল পুষ্পাক ৷ শনিবাৰেও স্বামী দীপজ্যোতি গগৈয়ে পুষ্পাক অইন দিনৰ দৰে মাৰপিট কৰিছিল ৷ যাৰ ফলত মুৰত আঘাত পাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পুষ্পা ৷ পৰৱৰ্তী সময়ত শনিবাৰে সন্ধিয়া পুষ্পাক স্বামীয়ে দুলীয়াজানৰ অইল চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু বোৱাৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসালয় এৰি পলায়ন কৰে স্বামীয়ে ৷ অৱশেষত চিকিৎসালয়তে মৃত্যুক সাৱতি লয় নৱ বিবাাহিতা পুষ্পা দাসে ৷

যৌতুকজনিত কাৰণত বোৱাৰী হত্যাৰ অভিযোগ

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে মূল অভিযুক্ত তথা পুষ্পাৰ স্বামী দীপজ্যোতি গগৈক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ তদন্তৰ পাছতহে ঘটনাটোৰ সবিশেষ তথ্য পোহৰলৈ আহিব ৷ ইফালে পুষ্পাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি দেওবাৰে উত্তপ্ত হৈ পৰে দুলীয়াজান আৰক্ষী থানা ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃমৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

ABOUT THE AUTHOR

...view details