শদিয়া, 23 জানুৱাৰী : শদিয়া ইছলামপুৰ গাঁৱত শনিবাৰে সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা । লিপ্সা কোঁচ নামৰ ৫০ বছৰীয়া এগৰাকী বিধৱা মহিলাক কোনো অচিনাক্ত লোকে ডিঙি আৰু শৰীৰৰ নিম্নাংশ কাটি অতি মৰ্মান্তিকভাৱে হত্যা কৰে ৷ বৰ্তমান সময়লৈকে মহিলা গৰাকীৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷
ইফালে এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে সদৰি কৰা অনুসৰি শুকুৰবাৰৰ নিশাৰ ভাগত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ কিন্তু মহিলা গৰাকীৰ মৃতদেহ শনিবাৰৰ পুৱাৰ ভাগতহে উদ্ধাৰ কৰা হয় ৷