তিনিচুকীয়া,17 মাৰ্চ: তিনিচুকীয়াৰ ডিগবৈস্থিত ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ ডিগবৈ শোধনাগাৰত দীৰ্ঘদিন ধৰি একাংশ বহিৰাগত বিষয়াৰ মইমতালি চলি আহিছে ৷ মংগলবাৰে চৰমসীমা অতিক্ৰম কৰিলে বহিৰাগত বিষয়া বিজেশ শৰ্মাই ৷ বিষয়াগৰাকীৰ আক্ৰমণত এজন ঠিকা শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে তৈল্য নগৰী ডিগবৈ নগৰত।
ডিগবৈ শোধনাগাৰত বিষয়াৰ প্ৰহাৰত আহত শ্ৰমিক ! - oil india limited
ডিগবৈ শোধনাগাৰত বহিৰাগত বিষয়াৰ দ্বাৰা প্ৰহৃত ঠিকা শ্ৰমিক । গুৰুতৰভাৱে আহত শ্ৰমিক চুনু দৰ্জীক চিকিৎসালয়ত ভৰ্তি ৷ ডিগবৈ থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল ।
আই অ’ চিৰ অধীনত থকা ৮০৪ নম্বৰৰ অতিথিশালাৰ আবাসী তথা ডিগবৈ শোধনাগাৰৰ মুখ্য প্ৰৱন্ধক বিজেশ শৰ্মাই ৰান্ধনী শালাত কৰ্মৰত ঠিকা শ্ৰমিক চুনু দৰ্জীক অশ্লীল ভাষাৰে গালি গালাজ পাৰি পিচ ফালৰ পৰা আক্ৰমণ কৰাৰ ফলত সংজ্ঞাহীন হৈ পৰে । ফলত ততাতৈয়াকৈ আহত শ্ৰমিক গৰাকীক ডিগবৈ এ অ’ডি চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ইপিনে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাত চুনু দৰ্জীৰ পত্নী আৰু ভাৰতীয় ঠিকা শ্ৰমিক ইউনিয়নে এজাহাৰ দাখিল কৰি বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত অখিল গগৈৰ !!