অসম

assam

ETV Bharat / state

দৈদাম চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

বন বিভাগৰ প্ৰচেষ্টাত অৱশেষত পিঞ্জৰাবদ্ধ হ'ল বিগত কেইবাদিন ধৰি তিনিচুকীয়া জিলাৰ দৈদাম চাহ বাগিচাত সন্ত্ৰাস চলোৱা নাহৰফুটুকীটো ৷ বৰ্তমানেও অবাধ বিচৰণ কৰি আছে আন কেইবাটাও নাহৰফুটুকীয়ে ৷

a-huge-leopard-caged-in-daidam-tea-estate
দৈদাম চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Aug 23, 2021, 5:49 PM IST

শদিয়া,23 আগষ্ট: তিনিচুকীয়া জিলাৰ দৈদাম চাহ বাগিচাত বন বিভাগৰ পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ বিগত কেইবাদিন ধৰি বাগিচাৰখনৰ বিনোদ কৰ্মকাৰ নামৰ কৰ্মচাৰী জনৰ গোহালিৰ কেইবাটাও গৰু আৰু ছাগলী ভক্ষণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ যাৰ বাবে উপায়ন্তৰ হৈ বন বিভাগক খবৰ দিছিল স্থানীয় লোকে ৷ খবৰৰ ভিত্তিত 2 দিন পূৰ্বে উক্ত কৰ্মচাৰী জনৰ গোহালীত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত সোমবাৰে পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, বাগিচাখনত বৰ্তমানেও কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি আছে ৷ উক্ত নাহৰফটুকী কেইটাই যিকোনো সময়তে বিপদ ঘটোৱাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে এই সন্দৰ্ভতো বন বিভাগক আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখযোগ্য যে, ডুমডুমাৰ চাহ বাগিচা সমূহত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা প্ৰায়ে পৰিলক্ষিত হয় যদিও বৰ্তমানলৈকে মানুহৰ সৈতে সংঘাত সংঘটিত হোৱা নাই ৷

দৈদাম চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

মন কৰিবলগীয়া যে, বাগিচাৰ ভিতৰত বা ইয়াৰ আশে-পাশে বাস কৰা লোক সকলৰ জীৱিকাৰ অন্যতম পথ হ'ল পশুপালন ৷ ঘৰে ঘৰে গৰু-ছাগলী আদি পোহপাল কৰে ৰাইজে ৷ যাৰ বাবে নাহৰফুটুকীৰ বিচৰণে স্বাভাৱিকতেই অধিক চিন্তিত কৰি তোলে গঞা ৰাইজক ৷

লগতে পঢ়কঃলক ডাউন অন্ত পৰিল কিন্তু ওৰ নপৰিল সমস্যাৰ

ABOUT THE AUTHOR

...view details