অসম

assam

By

Published : May 24, 2020, 1:54 PM IST

ETV Bharat / state

ডিব্ৰু ছৈখোৱাত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাসহ সজাতি দল

ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত কোনো কাৰণতে অন্যায়ভাৱে খনন কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰাৰ লগতে অচিৰেই ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি জনালে সজাতি দলটোৱে ৷

MP Ajit Bhuyan visited Dibru Saikhowa National Park
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা

তিনিচুকীয়া, 24 মে': ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বাঘজান অঞ্চলৰ উত্তৰ-পশ্চিম এলেকাৰ 7 টাকৈ স্থানত তৈলখননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰনালয়ে অনুমোদন প্ৰদান কৰাৰ বিজ্ঞাপন অইল ইণ্ডিয়া লিমিটেডে প্ৰকাশ কৰাৰ পাছতে দেওবাৰে ডিব্ৰু ছৈখোৱা পৰিভ্ৰমণ কৰে ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাই ৷ অজিৎ কুমাৰ ভূঞাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰে ৰাজ্যসভাৰ সাংসদ সাংবাদিক মনজিৎ মহন্ত, কমল মেধি, মীৰা বৰঠাকুৰসহ এটা সজাতি দলে ৷ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত কোনো কাৰণতে অন্যায়ভাৱে খনন কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰাৰ লগতে অচিৰেই ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি জনালে ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাই ৷

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা সহ সজাতি দল

ইয়াৰ উপৰিও সাংবাদিক মনজিৎ মহন্তই মন্তব্য কৰে যে এই বিষয়টোৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক জড়িত আছে ৷ কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছা অনুসাৰে এনেকৈ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰিব নোৱাৰে ৷

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা সহ সজাতি দল

আনহাতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যেই অবৈধভাৱে তেল আহৰণ কৰি আছে বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হংকাৰ দিয়ে কংগ্ৰেছী নেতা কমল মেধিয়ে ৷

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা সহ সজাতি দল

লগতে পঢ়কঃমুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি জিলা সাংবাদিক সংস্থাৰ

ABOUT THE AUTHOR

...view details