তিনিচুকীয়া, 21 আগষ্ট : শনিবাৰে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ঘাইপথৰ কাষত থকা অইল ইণ্ডিয়া লিমিটেড(oil india limited)ৰ গেছ পৰিবাহী পাইপত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে পথটোৰ দুয়োকাষে থকা গেছ পৰিবাহী পাইপতে সংঘটিত হয় অগ্নিকাণ্ডটো ৷
গেছ পৰিবাহী পাইপত অগ্নি সূত্ৰপাত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৰ জনবসতি অঞ্চলসমূহত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ এই অগ্নকাণ্ড সংঘটিত হোৱাৰ পাচতে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে যোৱা ডিগবৈ-দুলিয়াজান সংযোগী পথটোৰ যাতায়ত স্তব্ধ হৈ পৰে ৷ অগ্নিকাণ্ডত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব