অসম

assam

ETV Bharat / state

নিষ্ঠাসহকাৰে নিজ কৰ্ম সম্পাদন কৰা এগৰাকী আশা কৰ্মী - বুলবুলী দে'

ডুমডুমা আজাদ ৰোডৰ বুলবুলী দে' নামৰ এগৰাকী আশা কৰ্মীয়ে দেহত এটা বৃক্ক লৈয়ো নিষ্ঠাসহকাৰে পালন কৰি গৈছে নিজ দায়িত্ব তথা কৰ্তব্য ৷ ২০১৭ চনতে তেওঁ নিজৰ বান্ধৱী এগৰাকীক দান কৰিছিল এটা বৃক্ক ৷

নিজ কৰ্ম সম্পাদন কৰা এগৰাকী আশা কৰ্মী
নিজ কৰ্ম সম্পাদন কৰা এগৰাকী আশা কৰ্মী

By

Published : Apr 1, 2020, 2:07 PM IST

ডুমডুমা, 1 এপ্ৰিলঃ লক ডাউনৰ প্ৰভাৱ সৰ্বত্ৰে সৰ্বজনৰ বাবে যদিও, ইয়াৰ মাজতো নিজৰ দায়িত্ব তথা কৰ্ম নিষ্ঠাৰে পালন কৰি আছে একাংশ লোকে ৷ তাৰেই উদাহৰণ বহন কৰিছে ডুমডুমা আজাদ ৰোডৰ বুলবুলী দে' নামৰ এগৰাকী আশা কৰ্মীয়ে ৷ আশা কৰ্মী গৰাকীয়ে ২০১৭ চনতে নিজৰ এগৰাকী বান্ধৱীক দান কৰিছিল তেওঁৰ এটা বৃক্ক ৷ তথাপিও কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা এনে সময়তো তেওঁ নিজৰ কৰ্ম নিয়াৰিকৈ সম্পাদন কৰি গৈছে ৷ ডুমডুমা এফআৰইউৰ অন্তৰ্গত সমগ্ৰ নগৰ খনৰ বিভিন্ন লোকৰ ঘৰলৈ গৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে, হোম ক্যুৱাৰান্টাইনত থকা লোকসকলৰো স্বাস্থ্যৰ বুজ লৈছে তেওঁ ৷ যি সকলোৰে বাবে এক আদৰ্শ স্বৰূপ ৷

নিষ্ঠাসহকাৰে নিজ কৰ্ম সম্পাদন কৰা এগৰাকী আশা কৰ্মী

ABOUT THE AUTHOR

...view details