তিনিচুকীয়া, ২৭ ডিচেম্বৰ : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৬ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস ।
প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ড্ৰাগছৰ পৰা নতুন প্ৰজন্মক মুক্ত কৰা উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনত দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
হোৱাৰ পিছতে প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুখ্য দুৱাৰ মুকলি কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ কমলেশ্বৰ কলিতাই ৷ সংগঠনটোৰ সভাপতি ধীৰাজ গোৱালাই মুখ্য পতাকা উত্তোলন কৰাৰ লগতে মুঠ ৭৬ খন পতাকা উত্তোলন কৰে ডুমডুমা অঞ্চলৰ বিশিষ্ট ব্যক্তিয়ে আৰু স্মৃতি তৰ্পণ কৰে আটছাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইকে । তাৰ পিছতে অনুষ্ঠিত হয় সমবেত সংগীত পৰিৱেশনকে ধৰি বিভিন্ন কাৰ্যসূচী ।