নিউজ ডেস্ক,15 আগষ্ট:ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত পালন কৰা হয় দেশৰ 74 সংখ্য়ক স্বাধীনতা দিৱস ৷ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰ কামপুৰৰ কেন্দ্ৰীয় ৰাসপথাৰত উদযাপন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ কৰ’ণা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত দিৱসটো পালন কৰা হয় ৷ কামপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা বৰঠাকুৰে ।
খুমটাই:গোলাঘাটৰ খুমটাইত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পালন কৰা হৈছে স্বাধীনতা দিৱস ৷ কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ তুলনাত এইবেলি ম্লান পৰিছে স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনা ৷ প্ৰতিকূল বতৰক নেওচি পালন কৰা স্বাধীনতা দিৱসত সকলো কৰ্মচাৰীৰ উপস্থিতিত পতাকা উত্তোলন কৰে চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই ৷ উক্ত কাৰ্যসূচীত খুমটাইৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা ১৬ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷