অসম

assam

ETV Bharat / state

দ্বিতীয় অসম আৰক্ষী বাহিনীৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - 69th Foundation Day of 2nd Assam Police

ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ স্বাস্থ্যসন্মত নীতি-নিয়ম মানি দেওবাৰে পালন কৰা হয় দ্বিতীয় অসম আৰক্ষী বাহিনীৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ তিনিচুকীয়া জিলাৰ মাকুমস্থিত মুখ্য কাৰ্যালয়ত পালন কৰা হয় এই দিৱস ৷

69th-foundation-day-of-2nd-assam-police-force-celebrated
দ্বিতীয় অসম আৰক্ষী বাহিনীৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

By

Published : Aug 1, 2021, 7:59 PM IST

তিনিচুকীয়া, 1 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস বাহিনীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয় ৷ ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি তথা স্বাস্থ্যসন্মত নীতি-নিয়ম মানি এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে চৌহদত থকা শ্বহীদ বেদীত যিসকল বীৰ জোৱানে দেশৰ বাবে আত্ম বলিদান দিলে, সেইসকলৰ পবিত্ৰ স্মৃতিত বিষয়া-কৰ্মচাৰীসকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা অসম আৰক্ষীৰ পতাকা উত্তোলন কৰে বাহিনীৰ অধিনায়ক ড৹ নন্দ সিং বৰকলাই ৷

দ্বিতীয় অসম আৰক্ষী বাহিনীৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ইয়াৰ পাছতে অধিনায়কগৰাকীয়ে আৰক্ষী লোকসকলৰ কুচকাৱাজ আৰু অভিবাদন গ্ৰহণ কৰে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত অধিনায়কগৰাকীয়ে অসম আৰক্ষীৰ সুদিন আৰু দুৰ্দিনৰ ব্যাখ্যা দাঙি ধৰি অসম আৰক্ষীৰ বলিদানৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ ভাষণ প্ৰসংগত অধিনায়কগৰাকীয়ে বাহিনীৰ লোক সকলক কৰ্তব্য পালন, নিয়মানুৱৰ্তিতা আৰু অসম তথা ভাৰতৰ বিপদকালত যেতিয়াই যি নিৰ্দেশ আহে, তাক দক্ষতাৰে পালন কৰিবলৈ আহ্বান জনায় ৷ লগতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মূল তোৰণৰ কাষত নিৰ্মাণ কৰি উলিওৱা নিৰাপত্তা গৃহ এটিও মুকলি কৰে বাহিনীৰ অধিনায়ক বৰকলাই ৷

উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীৰ চৌহদ, বিভিন্ন গৃহ, পেৰেড গ্ৰাউণ্ডৰ প্ৰশিক্ষণ সঁজুলি আদিত ৰঙেৰে সৌন্দৰ্যবৰ্ধন কৰি চকুত লগা কৰি তোলে ৷ বাহিনীৰ চৌহদত বিভিন্ন প্ৰজাতিৰ ফল-মূল আৰু মূল্যবান 501 জোপা গছপুলি ৰোপণ কৰে আৰক্ষীৰ জোৱানসকলে ৷ 1952 চনত প্ৰতিষ্ঠা লাভ কৰা বাহিনীটো প্ৰথম অৱস্থাত ৰে’ল বিভাগৰ নিৰাপত্তা আৰু ৰে’ল সামগ্ৰী নিৰাপদে ৰখাৰ স্বাৰ্থত গঠন কৰা হৈছিল ৷

ড৹ সিং বৰকলাৰ বৃক্ষ ৰোপন

1965 চনত মঃ আতাউৰ ৰহমানৰ অধিনায়কত্বত বাহিনীয়ে দেৰগাঁৱত মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰি কাৰ্যনিৰ্বাহ কৰিছিল ৷ বাহিনীটোৰ প্ৰথম অধিনায়ক আছিল আই পি মিষ্টাৰ বাৰ্গিজ ৷ 1965 চনত এই বাহিনীটো দুটা ভাগত বিভক্ত কৰি প্ৰথম আৰু দ্বিতীয় অসম আৰক্ষী বাহিনীৰূপে গঠন কৰা হয় ৷

লগতে পঢ়কঃলাভলীনা ইমান জেদী কিয় ?

ABOUT THE AUTHOR

...view details