তিনিচুকীয়া, ১৮ মে’: তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বুধবাৰে মাজনিশা সামৰণি পৰে । বিগত দুটা দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্মিলনত কেবিনেট মন্ত্ৰীসকল, মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত জিলা উপায়ুক্তসকলৰ সৈতে প্ৰায় ৩২ ঘন্টা আলোচনাত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে (Assam CM attends dc conference in Tinsukia) । আলোচনাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ আয়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়, উপায়ুক্ত কাৰ্যালয়ক সামৰি পুৰণি ফাইলসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ ‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷
২০২২ চনৰ ১ ফেব্ৰুৱাৰীত আৰম্ভ কৰা মিছন সদ্ভাৱনাৰ অধীনত লাভ কৰা সকলোবোৰ আবেদন সময় নিৰ্ধাৰিতভাৱে নিষ্পত্তি কৰা হৈছিল । ২০২২ চনৰ ৫ আগষ্টৰ লোক কল্যাণ দিৱসত প্ৰথম পৰ্যায়ৰ মিছন সদ্ভাৱনা সফলতাৰে সামৰণি পৰিছিল । দ্বিতীয় পৰ্যায়ত 'মিছন সদ্ভাৱনা'ৰ অধীনত ৩১টা উপায়ুক্তৰ কাৰ্যালয়, ৭৪ টা সঞ্চালকালয় / আয়ুক্ত কাৰ্যালয়ক সামৰি লোৱা হ’ব ৷ এই ব্যৱস্থাৰ অধীনত জনসাধাৰণে প'ৰ্টেলৰ জৰিয়তে অনলাইন মাধ্যমেৰে ফাইল নিষ্পত্তিৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পাৰিব ৷ ৰাজহুৱা সেৱা কেন্দ্ৰসমূহৰ যোগেদি সেৱা গ্ৰহণ উপলব্ধ হ’বলগীয়া এই প্ৰকল্পই পুৰণি ফাইলৰ কামসমূহ সমাধান কৰি সাম্প্ৰতিক বিষয়সমূহৰ দিশত গুৰুত্ব প্ৰদানৰ সুযোগ সৃষ্টি কৰিব ৷ 'মিছন সদ্ভাৱনা'ৰ দ্বিতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাই গতি লাভ কৰাৰ লগতে জনসাধাৰণে সকাহ পাবলৈ সক্ষম হ'ব ।