তিনিচুকীয়া, ১৫মে': তিনিচুকীয়াত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে পঞ্চম সংখ্যক জিলা উপায়ুক্তৰ সন্মিলন (DC Conference at Tinsukia) ৷ এই সন্মিলনত ৰাজ্যৰ প্ৰতিগৰাকী জিলা উপায়ুক্তৰ লগতে প্ৰত্যেকখন বৈঠকত এগৰাকীকৈ অতিৰিক্ত মুখ্য সচিব উপস্থিত থাকিব ৷ সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাবে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত পাঁচখন বৈঠক অনুষ্ঠিত হ’ব ৷ পাঁচখন বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব । ডিব্ৰুগড়ৰ ৱাটাৰ ৰিছ'ৰ্চ গেষ্ট হাউছত মন্ত্ৰী বিমল বড়া উপস্থিত থাকিব । ইপিনে, দুলিয়াজানৰ জালনী অইল গেষ্ট হাউছত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকিব । তদুপৰি তিনিচুকীয়া জিলাৰ ডিগবৈ ক্লাৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ডিগবৈ আই অ'চি এল গেষ্ট হাউছত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব ৷
পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা সভাসমূহত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ লগতে বিভিন্ন দিশত পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব । সমান্তৰালভাৱে আজি একোখনকৈ প্ৰতিবেদন প্ৰস্তুত কৰি কাইলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ আগত উপস্থাপন কৰিব ৷ এই সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্ত স্বপ্নীল পালে কয় যে কাইলৈৰ পৰা দুদিন তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছ পথৰ কাষত নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰত সন্মিলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব (Convention Centre in Tinsukia) ৷