তিনিচুকীয়া,30 জুলাই:দুখ বেদনাৰে ভাৰাক্ৰান্ত দুৰ্ভগীয়া একাংশ ৰাইজৰ উচুপনি ৷ চকুত চকুলোৰ বাদে যেন একোৱে নাই তেওঁলোকৰ ৷ আনকি ভগৱানৰ সলনি মুখ্যমন্ত্ৰীৰ ফটোত কৰিছে পূজা-অৰ্চনা ৷ ভগৱানে নেদেখিলেও কিজানি মুখ্যমন্ত্ৰীয়ে দেখে ৷ কিজানি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দুখ আৰ্তনাদৰ কথা শুনে ! তাৰ আশাতে অপেক্ষাৰত দুখে কোলাই পাচি নধৰা ৰাইজৰ ৷ হয় এডোখৰ মাটি বিচাৰি আৰ্তনাদ কৰিছে 53 টাৰো অধিক দুৰ্ভগীয়া পৰিয়ালে ৷
তিনিচুকীয়া জিলাৰ তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইজান নতুন বজাৰ আশ্ৰয় শিবিৰত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কান্দোন ৷ এসময়ত ধন-ধানেৰে উভয়নদী হৈ থকা পৰিয়ালৰ এয়া আৰ্তনাদ ৷ কাৰণ ঘৰ মাটি বাৰী সকলো জাহ গ’ল ডিব্ৰু নদীৰ বুকুত ৷ ফলত ডিব্ৰু নদীৰ কাষতে থকা গুইজান নতুন বজাৰত ৩ বিঘা মাটিত আশ্ৰায় শিবিৰ হিচাবে থাকিব লগীয়া হৈছে শ শ লোকে ৷ ২০০২ চনৰ পৰা বিগত 21 বছৰে চৰকাৰৰ পৰা ফুটা খড়ি এটাও নাপালে দুৰ্ভগীয়া পৰিয়ালকেইটাই ৷ ফলত গোহালি সদৃশ্য ঘৰতে জন্তুৰ দৰে জীৱন কটাব লগীয়া হৈছে ৷
‘‘চৰকাৰে যদি আমাক একো দিব নোৱাৰে তেতিয়া হ’লে ডিব্ৰু নদীত উটুৱাই দিয়ক ৷ আমি এনেকৈ জীয়াই থাকিব নিবিচাৰো ৷ চাইকেল এখন আহিবলৈ এটা পথ নাই ৷ লেট্ৰিন এটা বনাবলৈ ঠাই নাই ৷ আমি বিধায়ক, জিলা প্ৰশাসনক বহুবাৰ আৱেদন নিবেদন কৰিছো কিন্তু কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে ৷ জিলা প্ৰশাসনেও আমাক প্ৰতিশ্ৰুতিৰ বাদে একো নিদিলে ৷ আমি খিলঞ্জীয়া হৈ এডোখৰ মাটিৰ বাবে এনেদৰে কান্দিব লগা হৈছে ৷ আমাতকৈ আৰু কোনো দুৰ্ভগীয়া নাই হয়টো ৷’’ এয়া ৰাইজৰ ক্ষোভ, আৰ্তনাদ ৷