তিনিচুকীয়া, 13 জুলাই :যি সময়ত ৰাজ্যত আৰক্ষীয়ে সচেতন লোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে, তেনে সময়তে আৰক্ষীক প্ৰহাৰ (Attack On Police) কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ এই দৃশ্য সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ বাইপাছৰ দিহিঙীয়া চাৰিআলিত ৷ সোমবাৰে কিৰণ গোহাঁই, কৌশিক গোহাঁই, ভৱেশ গোহাঁই, সৌৰৱ দত্ত আৰু ভাস্কৰ গোহাঁই নামৰ পাঁচজনীয়া এটি যুৱকৰ দলে মাৰপিট কৰে এগৰাকী আৰক্ষীৰ কনিষ্টবলক ৷ মাস্ক নিপিন্ধাৰ বাবেই কনিষ্টবলগৰাকীক প্ৰহাৰ কৰা বুলি এজন অভিযুক্তই সাংবাদিকৰ আগত সদৰী কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি, দিহিঙীয়া চাৰিআলি বাইপাছস্থিত এখন সৰু হোটেলত খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে যুৱকৰ দলটোৱে মাৰপিট কৰি অশ্লীল ভাষাৰে গালি-গালাজ কৰে কনিষ্টবল ময়ুৰ ৰঞ্জন দাস (Mayur Ranjan Das)ক । ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীক অৱগত কৰে কনিষ্টবল দাসে ৷ ইয়াৰ পাচতে পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনকান্ত সোণোৱাল (Dinkanta Sonowal)ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নিশাৰ ভাগতে তিনিজন অভিযুক্তক আটক কৰে ৷