তিনিচুকীয়া, 13 ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাৰ হুলুং লাইনত এগৰাকী নাবালিকা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ঘৰৰ ওচৰৰে বাদনা গোৱালা নামৰ যুৱকজনে কাষৰ ডুমডুমা বনাঞ্চললৈ নি বলাৎকাৰ কৰি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷
তিনিচুকীয়াত সন্ধানহীন শিশু, বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ ৰাইজৰ ইতিমধ্যে, অভিযুক্ত বাদনা গোৱালক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ অভিযুক্তই কিশোৰী গৰাকীক হত্যা কৰিছে বুলি আৰক্ষীক অৱগত কৰিছে যদিও বলাৎকাৰ কৰি হত্যা কৰাৰ বিষয়টো স্পৰ্ষ্টকৈ প্ৰকাশ কৰা নাই ৷
তিনিচুকীয়াত সন্ধানহীন শিশু, বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ ৰাইজৰ ইফালে, বাদনা গুৱালাৰ স্বীকাৰৰ ভিত্তিত টঙনা-বৰডুমচা আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে ডুমডুমা বনাঞ্চলত দিনযোৰা অভিযান চলাই যদিও কিশোৰীগৰাকীৰ কোনো সুং-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷
তিনিচুকীয়াত সন্ধানহীন শিশু, বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ ৰাইজৰ আনহাতে, আৰক্ষীৰ তদন্তত অভিযুক্ত বাদনা গোৱালাই মুকেশ তাঁতি নামৰ এজন যুৱকৰ লগ হৈ শিশুটিক হত্যা কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰিছে ৷ ইফালে, আৰক্ষীয়ে অঞ্চলটোত তেনে কোনো যুৱক নাই বুলি জানিবলৈ দিয়ে ৷ সেয়া যি কি নহওঁক এগৰাকী কিশোৰী বিগত তিনিদিনে সন্ধানহীন হৈ থকাৰ লগতে সন্দেহবশত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিত সৃষ্টি হ'য় টঙনা হুলুং গাঁৱত ৷
লগতে পঢ়ক :ধেমাজিত ভদীয়া বানত ছিগিল গড়কাপ্তানি পথঃ জলমগ্ন বিস্তীৰ্ণ অঞ্চল