শদিয়া, 9 ফেব্ৰুৱাৰীঃ এখন বিশেষ দলং ৷ ৰাইজে নিজ প্ৰচেষ্টাত নিৰ্মাণ কৰা এখন বিশেষ দলং,নাম জুবিন গাৰ্গ সেঁতু ৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত উৎসৰ্গিত এখন বিশেষ দলং ৷ তিনিচুকীয়াৰ কাকপথাৰৰ টেঙাপানী গাঁৱত নিৰ্মাণ কৰা হৈছে এই বিশেষ দলঙখন ৷ কাকপথাৰৰ ডিৰাকৰ ন দিহিং নদীৰ ওপৰত নিৰ্মাণ কৰিছে 490 মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙখনৰ ৷ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে বছৰ বছৰ ধৰি চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈ আছিল এই টেঙাপানীবাসী ৷ 1992 চনৰ ভয়ংকৰ বানৰ কৱলত পৰি বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল এই টেঙাপানী গাঁৱৰ ৰাইজ ৷
টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু - বুলবুল মাউট
তিনিচুকীয়াৰ কাকপথাৰৰ টেঙাপানী গাঁৱত নিৰ্মাণ কৰা হৈছে এখন বিশেষ দলং ৷ কাকপথাৰৰ ডিৰাকৰ ন দিহিং নদীৰ ওপৰত নিৰ্মাণ কৰিছে 490 মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙখনৰ ৷

টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু
টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু
আৰু পঢ়কঃমালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ