অসম

assam

ETV Bharat / state

অৰুণাচলত একেলগে বলিছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বতাহ

''ৰাজনৈতিক দলৰ ডাঙৰ-ডাঙৰ নেতাসকল আহি বৰডুমছাৰ দৰে সৰু সমষ্টিটোত প্ৰচাৰৰ নামত কেৱল মিছা প্ৰতিশ্ৰুতি দিলেই সমস্যা সমাধান নহয় ৷''- নিৰ্দলীয় প্ৰাৰ্থী বিদ্যাশংকৰ প্ৰসাদ

৪৯ নং বৰডুমছা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থীৰ ভিৰ

By

Published : Apr 8, 2019, 5:19 PM IST

বৰডুমছা, 8 এপ্ৰীল : অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো বলিচে নিৰ্বাচনৰ গৰম বতাহ । ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব । ৰাজনৈতিক দলসমুহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰো প্ৰচাৰ অভিযান তুংগত উঠিছে । অৰুণাচলৰ ৪৯ নং বৰডুমছা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ, বিজেপিৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্ধীতা কৰিছে বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে । সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । জনকল্যাণমূলক উদেশ্যৰে জনসাধাৰণক লগত লৈ নামি পৰিছে প্ৰচাৰত ।

৪৯ নং বৰডুমছা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থীৰ ভিৰ
আনহাতে সমষ্টিটোত কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি প্ৰাৰ্থীগৰাকীৰ বাবে প্ৰচাৰ চলাবলৈ আহিছিল । এই ক্ষেত্ৰত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদে কয় যে-- ''ৰাজনৈতিক দলৰ ডাঙৰ-ডাঙৰ নেতাসকল আহি এই সৰু সমষ্টিটোত প্ৰচাৰ চলোৱাৰ লগতে তেওঁলোক ইয়ালৈ আহি জনসাধাৰণৰ মিছা প্ৰতিশ্ৰুতি দিলেই সমস্যা সমাধান নহয়'' । আনহাতে ৪৯ নং বৰডুমছা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিদ্যা শংকৰ প্ৰসাদৰ জয় নিশ্বিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details