শদিয়া, 20 জুন :ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখনে জিলাতে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দেওবাৰে কাকপথাৰ আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰসহ আটক দুই দম্পতী ৷ কাকপথাৰ আৰক্ষী থানাৰ অন্তগত ডিৰাক খাটুৱা পথাৰৰ পৰা ব্ৰাউন চুগাৰসহ এই দুই দম্পতীক গ্ৰেপ্তাৰ কৰিছে কাকপথাৰ আৰক্ষীয়ে ৷ কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মিণ্টু বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় এই দম্পতী দুটা ৷
বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত দুই দম্পতীৰ পৰা 32 গ্ৰাম ব্ৰাউন চুগাৰ, দুখন মটৰ চাইকেল, দুটা ম'বাইল আৰু 46 হাজাৰ 50 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা ধৃত দম্পতীদ্বয় ক্ৰমে 1 নং সৰু ডিৰাকৰ মণ্টু দহোটীয়া(46) আৰু পত্নী অনিতা দহোটীয়া(45), নামচাইৰ কুমাৰী কছাৰীৰ মন্টু সোণোৱাল(29) আৰু পত্নী প্ৰমিলা সোণোৱাল(30) ৷ কাকপথাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এই সফলতাক শলাগিছে কাকপথাৰবাসীয়ে ৷