ডুমডুমা, 28 অক্টোবৰ: অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ । তৃতীয় সৰ্বভাৰতীয় চটোকান কাৰাটে দ্যু চেম্পিয়নশ্বিপত অসম পৰা প্ৰতিনিধিত্ব কৰা দলৰ সাফল্য ৷ চলিত মাহৰ ১৯ আৰু ২০ অক্টোবৰত পশ্চিম বংগৰ দাৰ্জিলিঙত অনুষ্টিত হোৱা উক্ত প্ৰতিযোগিতা খনত তৃতীয় স্থান দখল অসমৰ কাৰাটে দলটোৰ ৷
"তৃতীয় সৰ্বভাৰতীয় চটোকান কাৰাটে দ্যু চেম্পিয়নশ্বিপত" অসমৰ সাফল্য - তৃতীয় সৰ্বভাৰতীয় চটোকান কাৰাটে দ্যু চেম্পিয়নশ্বিপত তৃতীয় স্থান দখল অসমৰ
দাৰ্জিলিঙত অনুষ্ঠিত হোৱা তৃতীয় সৰ্বভাৰতীয় চটোকান কাৰাটে দ্যু চেম্পিয়নশ্বিপত তৃতীয় স্থান দখল অসমৰ ৷ এই প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল 19 জনীয়া এটা দলে ৷

"তৃতীয় সৰ্বভাৰতীয় চটোকান কাৰাটে দ্যু চেম্পিয়নশ্বিপত" অসমৰ সাফল্য
অসমৰ পৰা মুঠ 19 জনীয়া খেলুৱৈৰ এটা দলে অংশ গ্ৰহণ কৰি এই সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷ ইপিনে সৰ্বশ্ৰেষ্ঠ ফাইটাৰৰ সন্মান লাভ কৰে অসমৰ মেৰী গামাঙে । এই সফলতা আঁজুৰি অনাৰ পাচত সোমবাৰে তালাপ বালিবজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয় দলটোক ।
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অসমৰ কাৰাটে দলৰ
এতিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে " বিশ্ব চটোকান কাৰাটে এশ্ব’ছিয়েচনৰ অসম শাখাৰ বিষয়ববীয়াই ৷
TAGGED:
অসমৰ 19 জনীয়া দল