অসম

assam

ETV Bharat / state

শদিয়াত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক

বৰডুমচাৰ পৰা ডিৰাক গেটেৰে অসমলৈ আনি থকা অৱস্থাত শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ নৱজ্যোতিত 3 খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ৷

By

Published : Dec 7, 2019, 1:12 PM IST

শদিয়া
শদিয়াত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক

শদিয়া,7 চেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ ৷ শুকুৰবাৰে নিশা তিনিচুকীয়া কাকপথাৰৰ ডিৰাকত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক ৷ বৰডুমচাৰ পৰা ডিৰাক গেটেৰে অসমলৈ আনি থকা অৱস্থাত শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ নৱজ্যোতিত 3 খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰে। টাই আহোম ছাত্ৰ সন্থাৰ কৈলাশপুৰ আঞ্চলিক সমিতিয়ে উক্ত চোৰাং গৰু ভৰ্তি ট্ৰাককেইকন জব্দ কৰি আৰক্ষীক গতাই দিয়ে ৷ জব্দ কৰা গাড়ী কেইখনৰ নম্বৰ ক্ৰমে AS-25DC-3846, AS-09AC-5616 আৰু AS-25DC-1970। আনহাতে,গৰুচোৰৰ লগত জড়িত চক্ৰটোৰ সদস্য কেইজনে গাড়ী এৰি পলাই যাবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।

শদিয়াত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক

উল্লেখ্য যে,ডিৰাক গেটেদি বিভিন্ন বিভাগৰ লোকক মেনেজ কৰি দীৰ্ঘদিন ধৰি কাঠ,কয়লা আদিৰ দৰে অবৈধ ৰমৰমীয়া বেহা চলি আছে বুলি অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে।

আৰু পঢ়কঃ উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া

ABOUT THE AUTHOR

...view details