তিনিচুকীয়া, 16 জুন : তিনিচুকীয়া আৰক্ষীয়ে তেল চোৰৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তেই তিনিচুকীয়া আৰক্ষীক যেন একপ্ৰকাৰে চেলেঞ্জ কৰি তেলচোৰে অব্যাহত ৰাখিছে চুৰি কাণ্ড ৷ বৃহস্পতিবাৰৰ পুৱতি নিশা মাকুমত পুনৰ জব্দ হয় চোৰাংকৈ সৰবৰাহ কৰা খাৰুৱা তেলভৰ্তি এখন টেংকাৰ ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা দলে তহল দি থকাৰ সময়তে মাকুম বাইপাচ দিশৰ পৰা AS-06 AC-1691 নম্বৰৰ এখন টেংকাৰ আহে ৷ খাৰুৱা তেল চোৰ কৰি মাকুম বাইপাচ হৈ ডিগবৈ অভিমুখে গৈ থাকোঁতে টেংকাৰখন আৰক্ষীৰ জালত পৰে ।
তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত শুকানপুখুৰীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা ট্রেপিঙৰ জৰিয়তে টেংকাৰ খন ভৰ্তি কৰা হৈছিল বুলি চালকজনে জানিবলৈ দিয়ে । জব্দ কৰা টেংকাৰখনৰ চালকজন বঙাইগাঁৱৰ বুদ্ধি দাস (26) বুলি জানিবলৈ পৰা গৈছে ৷ ইফালে, ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী-অইলৰ নিৰাপত্তাৰক্ষী, পাইপলাইনৰ লোক উপস্থিত হৈ ঘটনাস্থলী নিৰীক্ষণ কৰাৰ লগতে খাৰুৱা তেলৰ পাইপলাইনত চোৰে বহুৱা ট্রেপিঙ পইন্টো বন্ধ কৰা হয় বুলি জানিবলৈ পৰা গৈছে ৷
আনহাতে, জব্দকৃত টেংকাৰখন আৰু চালকজনক মাকুম আৰক্ষী থানালৈ লৈ যোৱাৰ পিচতে আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাম সন্দৰ্ভত তদন্ত আৰু পৰৱৰ্তী সময়ত বৃহস্পতিবাৰৰ নিশা তেলচোৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলায় পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয় তিনিজন তেলচোৰৰ স’তে জড়িত লোক ৷ ধৃত লোককেইজন তিনিচুকীয়াৰ পদ্মেশ্বৰ চেতিয়া ওৰফে পুটলু, ৰূপজ্যোতি গগৈ ওৰফে বাবা আৰু সোণাৰিৰ পংকজ দাস ওৰফে পাগলা ৷ বৰ্তমান আটকাধীন তিনিওকে তিনিচুকীয়া আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকা বুলি জানিবলৈ পৰা গৈছেে ৷