তিনিচুকীয়া,26 মে’:মঙলবাৰে তিনিচুকীয়াত তিনিটাকৈ তেলচোৰক আটক কৰে আৰক্ষীয়ে । তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আটক কৰে অইল ইণ্ডিয়াৰ খাৰুৱা তেল চোৰকেইটাক ৷ ধৃত তেল চোৰ কেইটা মাকুম নিবাসী জিতেন গগৈ, ৰাজকুমাৰ গোঁহাই আৰু গুণকান্ত মৰাণ বুলি জানিব পৰা গৈছে ৷
উল্লেখ যোগ্য যে, ধৃত জিতেন গগৈৰ বিৰুদ্ধে পূৰ্বেও তেল চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ আছে । বৰ্তমান, তিনিচুকীয়া আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে ৫৯১/২১ us ৩৭৯ IPC R/W sec 3 of PDPP Act অনুযায়ী কেচ ৰুজু কৰি তিনিদিনৰ বাবে নিজৰ জিম্মাত ৰাখিছে ।
মন কৰিব লগীয়া বিষয় যে, জিলাখনত সঘনাই বাঢ়িব ধৰিছে অইল ইণ্ডিয়াৰ খাৰুৱা তেল চুৰিৰ ঘটনা । নৈশ সান্ধ্য আইনৰ সুযোগ লৈ শেহতীয়াকৈ বিগত 1 মে’ত একাংশ তেল চোৰে অইল ইণ্ডিয়াৰ তেলৰ পাইপ কাটি তেল চুৰি কৰা ঘটনা পোহৰলৈ আহিছিল । তিনিচুকীয়াৰ মাকুমস্থিত ৩৭ নং ঘাইপথৰ সমীপৱৰ্তী শুকানপুখুৰীত বাৰেকুৰি তেলখাদৰ পৰা অহা মাকুমৰ অইলৰ এইছ এন ই পইণ্টৰে যোৱা তেলৰ পাইপ ফুটা কৰি চোৰে তেল ভৰোৱাৰ সময়তে এক গোপন তথ্যৰ ভিত্তিত অইলৰ নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ এখন টেংকাৰ জব্দ কৰে ।
অৱশ্যে, তেল চোৰা আৰু গাড়ী চালক আটাই কেইজনেই পলায়ন কৰে সেই স্থানৰ পৰা । এতিয়া, এই চুৰি কাৰ্য সমূহৰ লগত জড়িত থকা ৰৌ-বৰালি সকল কেতিয়াকৈ আৰক্ষী জালত পৰিব সেইয়া পৰৱৰ্তী পৰ্যায়ত লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক :এলডিচিএমএলৰ উপাধ্যক্ষ পবিত্ৰ দলেক আটক