অসম

assam

Strike in Tinsukia: ষষ্ঠ অনুসূচীভুক্ত কৰা দাবীত তিনিচুকীয়াত তিনি সংগঠনৰ অৱস্থান ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:18 PM IST

সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল তথা স্বায়ত্তশাসিত পৰিষদক স্ব-গোষ্ঠীয় নামাকৰণেৰে ষষ্ঠ অনুসূচীভুক্ত কৰা দাবীত তিনি সংগঠনৰ ধৰ্মঘট । জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

3 organisations go on strike demanding 6th schedule
ষষ্ঠ অনুসূচীভূক্ত কৰা দাবীত তিনি সংগঠনৰ ধৰ্মঘট

ষষ্ঠ অনুসূচীভূক্ত কৰা দাবীত তিনি সংগঠনৰ ধৰ্মঘট

তিনিচুকীয়া,৩ অক্টোবৰ: মঙলবাৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ আহ্বানত জাতীয় সংগঠন আৰু জিলা সমিতিসমূহৰ সহযোগত দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী ভূমিপুত্ৰ জনজাতি জনগোষ্ঠীসমূহক ষষ্ঠ অনুসূচী স্বায়ত্তশাসন প্ৰদানৰ দাবীত সংগঠনকেইটাৰ সদস্যসকলে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

পৰৱৰ্তী সময়ত সংগঠনকেইটাই নিজৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও তিনিচুকীয়া জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ সংগঠনকেইটাই উল্লেখ কৰে যে, অসমৰ আদিম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰীসকলে দীর্ঘকাল ধৰি ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে জনগোষ্ঠীকেইটাৰ বসতি প্ৰধান অঞ্চলত দেউৰী স্বায়ত্ত শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদক স্ব-গোষ্ঠীয় নামাকৰণেৰে সংবিধান প্রদত্ত ষষ্ঠ অনুসূচী প্রদান কৰাৰ দাবীত বহুবাৰ চৰকাৰৰ ওচৰত আবেদন কৰি আহিছে ।

কিন্তু আজি পর্যন্ত কোনোধৰণৰ ফলপ্ৰসু সমাধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । দীর্ঘ দিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিত লাভ কৰা উক্ত পৰিষদসমূহে ষষ্ঠ অনুসূচীভুক্ত নোহোৱাত জনগোষ্ঠীকেইটাই বহু ন্যার্য প্রাপ্তি অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰে । সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহ ষষ্ঠ অনুসূচীভুক্ত হোৱাত বড়ো টেৰিটৰিয়েল ৰিজন (বি. টি. আৰ.) ক্ষীপ্ৰতাৰে উন্নয়নমূলক কাম কৰিবলৈ সুযোগ পোৱাৰ ল'গতে সুৰক্ষিত ভবিষ্যত সুনিশ্চিত কৰিবলৈ অধিকাৰ লাভ কৰিছে ।

তেনে প্ৰেক্ষাপটত একে ভৈয়াম জনজাতি দেউৰী, সোনোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীভুক্ত কৰি অনুৰূপ ধৰণেৰে অধিকাৰ প্ৰদান কৰা উচিত বুলি উল্লেখ কৰে ।

সেয়ে দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক স্ব-গোষ্ঠীয় মর্যাদা অক্ষুন্ন ৰাখি তিনিওখন স্বায়ও শাসিত পৰিষদক আন আন জনগোষ্ঠীয় ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত অন্তৰ্ভুক্ত নকৰি দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক সুকীয়াকৈ সম্পূৰ্ণ স্ব-গোষ্ঠীয় নামকৰণ আৰু মৰ্যাদাৰে ভাৰতীয় সংবিধানৰ আধাৰত ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন প্ৰদান কৰিবৰ বাবে দাবী জনাই সংগঠনকেইটাই ।

লগতে পঢ়ক:Minor girl rape: কিশোৰী ধৰ্ষণৰ বিৰুদ্ধে এমাহৰ পূৰ্বেই দাখিল কৰিছিল এজাহাৰ; আৰক্ষীৰ নাই কাণসাৰ

ABOUT THE AUTHOR

...view details