তিনিচুকীয়া,3 জানুৱাৰী: ডিগবৈৰ নাজিৰাটিঙত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (Statue of Zubeen Garg) ৷ সোমবাৰে নিজৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে খোদ জুবিন গাৰ্গে (Statue of Zubeen Garg unveiled) ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ নাজিৰাটিঙৰ ডিব্ৰু নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা শিল্পীগৰাকীৰ ২০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে জুবিন গাৰ্গে ৷
উল্লেখ্য যে 1, 2 আৰু 3 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পর্যটন উৎসৱ (Nazirating Tourism Festival)। গ্ৰাম্য অৰ্থনীতিক সৱল কৰাৰ উদ্দেশ্যেৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত থলুৱা খাদ্য সামগ্ৰীৰ বিপণীৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে এই পর্যটন উৎসৱত ৷
পর্যটন উৎসৱৰ লগত সংগতি ৰাখি ইয়াতে নিৰ্মাণ কৰি উলিওৱা হৈছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি (Zubeen Garg unveils statue of him) ৷ উল্লেখ্য যে, ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতেই জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে (Digboi MLA Suren Phukan) ।
ডিগবৈৰ পাৰ্শ্বৱৰ্তী অঞ্চল নাজিৰাটিং তামুলী বনগাঁৱৰ কাষতে লাগি থকা ডিব্ৰু নৈৰ পাৰত অনুষ্ঠিত কৰা হৈছে উৎসৱখনি । উৎসৱ উপলক্ষ্যে বনভোজস্থলীৰূপে খ্যাত নাজিৰাটিঙৰ ডিব্ৰু নৈৰ দুয়োপাৰৰ পর্যটন ক্ষেত্ৰখন নতুনকৈ সজাই পৰাই তোলা হৈছে ৷ উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে উৎসৱথলীত জুবিন গাৰ্গে নিজেই নিজৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে ৷