শদিয়া, 3 আগষ্টঃ পুখুৰীত পৰি মৃত্যু দুটি কণমানিৰ ৷ শদিয়া মহকুমাৰ ন-তৰাণি গাঁৱত সংঘটিত এই কৰুণ ঘটনা ৷ মাক দেউতাকৰ লগত একেলগে পথাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল গুনীমা গগৈ (9) আৰু পুত্ৰ-অচ্যুৎ গগৈ (5) ৷ তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰে দুই সন্তান । বহু সময় সন্তান দুটিক মাক দেউতাকৰ লগতে ওচৰৰ গাঁৱৰ ৰাইজে বিচাৰ খোচৰ কৰি নোপোৱাৰ পাচত ওচৰৰে এটা পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ হয় ।
পুখুৰীত পৰি সলিল সমাধি ভাতৃ-ভগ্নীৰ - assam news
মাক দেউতাকৰ লগত একেলগে পথাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল গুনীমা গগৈ (9) আৰু পুত্ৰ-অচ্যুৎ গগৈ (5) ৷ তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰে দুই সন্তান ৷
![পুখুৰীত পৰি সলিল সমাধি ভাতৃ-ভগ্নীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4032304-thumbnail-3x2-ffffff.jpg)
পুখুৰীত পৰি মৃত্যু ভাতৃ-ভগ্নীৰ
আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এটি চৰাইৰ লগত খেলি আছিল শিশু দুটা ৷ যাৰ বাবে অনুমান কৰা হৈছে চৰাইটোৰ লগত খেলি থকা অৱস্থাতে পুখুৰীত পৰে ৷ মৃত দুয়োগৰাকী শদিয়াৰ ছেণ্ট থমাছ হাইস্কুলৰ শিক্ষাৰ্থী ৷
পুখুৰীত পৰি মৃত্যু ভাতৃ-ভগ্নীৰ