অসম

assam

ETV Bharat / state

Kakopathar Massacre: কাকপথাৰৰ গণহত্যাৰ 17টা বছৰ; ডিৰাকত 10 শ্বহীদক সোঁৱৰণি সংকল্প দিৱস পালন - সংকল্প শ্বহীদ দিৱস

2006 চনত তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হোৱা গণহত্যাই (Kakopathar Massacre) অতিক্ৰম কৰিলে 17 টা বছৰ ৷ 2006 চনৰ 10 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ মৃত্যু হৈছিল 9গৰাকীকৈ সাধাৰণ লোকৰ ৷ ভাৰতীয় সেনাই অজিত মহন্তক কৰা হত্যাৰ প্ৰতিবাদ কৰিবলৈ আহি ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হ’ব লগা হৈছিল এইসকল লোক ৷

Kakopathar Massacre
ডিৰাকত 10 শ্বহীদক সোঁৱৰণি সংকল্প দিৱস পালন

By

Published : Feb 10, 2023, 2:27 PM IST

Updated : Feb 10, 2023, 2:53 PM IST

ডিৰাকত 10 শ্বহীদক সোঁৱৰণি সংকল্প দিৱস পালন

তিনিচুকীয়া, 10 ফেব্ৰুৱাৰী: 2006 চনত কাকপথাৰত ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ মৃত্যু হোৱা 9 গৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত কাকপথাৰৰ ডিৰাক চাৰিআলিত বৃহস্পতিবাৰে পালন কৰা হয় সংকল্প শ্বহীদ দিৱস (Sankalpa Swahid Divas) ৷ উল্লখ্য যে, সেনাৰ সন্ত্ৰাসৰ বলি হোৱা অজিত মহন্তৰ হত্যাৰ প্ৰতিবাদ কৰিবলৈ আহি 2006 চনৰ 10 ফেব্ৰুৱাৰীত ভাৰতীয় সেনা, চি আৰ পি এফ আৰু আৰক্ষীৰ গুলীত নিহত হ’ব লগা হৈছিল 9 গৰাকী সাধাৰণ লোক (Kakopather Mass killing) ৷

স্মৰ্তব্য যে, 2006 চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ অসম ৷ ভাৰতীয় সেনাৰ 13 নং গোৰ্খা ৰেজিমেন্টৰ এটা দলে ডিৰাক সোণজানৰ অজিত মহন্ত নামৰ লোকজনক ঘৰৰ পৰা 2006 চনৰ 4 ফেব্ৰুৱাৰীত উঠাই নি হত্যা কৰি 6 ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকক অৱগত নকৰোৱাৰকৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি ঘূৰাই দিছিল (Ajit Mahanta Murder) ৷ ইয়াৰ প্ৰতিবাদতে 10 ফেব্ৰুৱাৰীত প্ৰায় 50 সহস্ৰাধিক ৰাইজে ডিৰাক সোনজানৰ পৰা কাকপথাৰ দিশে সমদল কৰি বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে আহিছিল ৷

কিন্তু প্ৰতিবাদী সমদল কাকপথাৰ পোৱাৰ পূৰ্বেই ওপৰ ওবন গাঁৱত নিৰাপত্তাৰক্ষীয়ে নিৰ্বিচাৰে প্ৰতিবাদকাৰীৰ ওপৰত কৰিছিল গুলীবৰ্ষণ ৷ ফলত সেনা, আৰক্ষী আৰু CRPFৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দিপন মৰাণ, বিউতি গোহাঁই, মনিকা মৰাণ, আনন্দিতা মুণ্ডা, গোলাপ বাইলুং, ৱাহিদা আহমেদ, মাধুৰ্য গোহাঁই, পখিলি বৰা আৰু কুঞ্জলতা মৰাণ নামৰ নিৰীহ ব্যক্তিকেইগৰাকীয়ে । যি ঘটনা এতিয়াও পাহৰিব পৰা নাই কাকপথাৰবাসীয়ে (Kakopathar 10th February) ৷

তেতিয়াৰে পৰা 10 ফেব্ৰুৱাৰী দিনটো প্ৰতিবছৰে সংকল্প শ্বহীদ দিৱস হিচাবে পালন কৰি অহা হৈছে ৷ বৃহস্পতিবাৰেও সৰ্বমুঠ 10 গৰাকী শ্বহীদৰ পৱিত্ৰ স্মৃতিত শ্বহীদৰ পৰিয়ালবৰ্গই বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদসকলক স্মৰণ কৰে । সমান্তৰালভাৱে অনুষ্ঠিত হৈ যায় এখন স্মৃতিচাৰণ সভাও ৷ সভাত উপস্থিত ৰাইজে সেই ক’লা দিন উভতি নহাৰ প্ৰাৰ্থনা কৰাৰ লগতে চৰকাৰে সেই সময়ত শ্বহীদৰ পৰিয়াল তথা আঘাতপ্ৰাপ্তসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰলৈ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, অজিত মহন্তক ভাৰতীয় সেনাই হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো ধৰি ৰূপায়ণ কৰা হৈছিল পথ অৱৰোধ কাৰ্যসূচী ৷ কিন্তু 10 ফেব্ৰুৱাৰীত সেই প্ৰতিবাদে পায় চূড়ান্তৰূপ আৰু অৱশেষত ৰাষ্ট্ৰসন্ত্ৰাৰ বলি হ’ব লগা হ’ব 9 গৰাকী নিৰপৰাধী ব্যক্তি ৷ ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হোৱা এই শ্বহীদ কেইগৰাকীক ঘোষণা কৰা হৈছিল জাতীয় শ্বহীদ হিচাবে ৷ কিন্তু সেয়া যেন বৰ্তমান পাহৰণিৰ গৰ্ভত লীন যাব খুজিছে ৷

লগতে পঢ়ক:ULFA I Cadre Gunned down: নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমক অমৰ মৃতক ঘোষণা

Last Updated : Feb 10, 2023, 2:53 PM IST

ABOUT THE AUTHOR

...view details