তিনিচুকীয়া, ৮ নৱেম্বৰ :অৱশেষত এটা স্থায়ী ঠিকনা পাবলৈ সক্ষম হ’ল লাইকাৰ ১৬০ টা পৰিয়ালে ৷ ১৯৯৯ চনত চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁওবাসীক অন্য ঠাইত পুনৰ সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই মতে বহু আবেদন-নিবেদন আৰু আন্দোলনৰ ফলত লাইকাৰ বনগাঁওবাসীক তিনিচুকীয়া আৰু লক্ষীমপুৰ জিলাত পুনঃ সংস্থাপনৰ আশ্বাস দিছিল চৰকাৰে ৷
লাইকা বনগাঁৱৰ ১৬০ টা পৰিয়ালে জাগুনৰ টিংকুপানীত বিগত ১১ মাহে ট্ৰিপালৰ চালিৰ তলত এক দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছিল । অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত জীয়াতু ভুগিছিল লাইকা- দধিয়াবাসী ৰাইজে । তেনে সময়তে এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত লাইকাৰ ১৬০ টা পৰিয়ালক চৰকাৰে তিনিচুকীয়াৰ নামফাইৰ টাপু বনাঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰিছিল ৷