তিনিচুকীয়া, 26 অক্টোবৰ: ১৪ সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতা আয়োজন সন্দৰ্ভত কচুজানস্থিত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টচ ক্লাৱৰ সংবাদমেল (14th Badaucha Cup Football Tournament)। বদৌচা স্পৰ্টচ ক্লাৱে অনুষ্ঠিত কৰি অহা অসম তথা ভাৰতবৰ্ষৰ অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা বদৌচা কাপ ফুটবল প্ৰতিযোগিতাখনিয়ে চলিত বৰ্ষত চৰ্তুবিংশতিতম বৰ্ষত ভৰি দিছে(Bodousa Sports club) । চলিত বৰ্ষত অনুষ্ঠিত হবলগীয়া ফুটবল প্ৰতিযোগিতাখন অহা ২৯ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈকে অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে ৷ অসমৰ ১৬টা স্থানত ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব (Press Meet by Bodousa Sports club in Tinsukia)।
উক্ত প্ৰতিযোগিতাখন আয়োজন সন্দৰ্ভত আজি কচুজানস্থিত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টচ ক্লাৱৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হয় । উক্ত সংবাদমেলৰ জৰিয়তে ১৪ তম বদৌচা কাপ ফুটবল প্ৰতিযোগিতাখনিত অসমৰ লগতে বহিঃৰাজ্যৰ মুঠ ৬৬ টা ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, অহা ২৯ অক্টোবৰ অৰ্থাৎ প্ৰথমদিনা প্ৰতিযোগিতাখনি অসমৰ চাৰিটা স্থানত অনুষ্ঠিত হ'ব । চাৰিটা স্থান ক্ৰমে, তিনিচুকীয়াৰ কচুজান খেলপথাৰ, বজালীৰ ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ, দৰঙৰ হাটখুলি গ্ৰাম্য ক্ৰীড়া খেলপথাৰ আৰু ওদালগুৰিৰ খৈৰাবাৰী ষ্টেডিয়াম ।