ডুমডুমা, 7 জুন : তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সংঘটিত হৈছে এটা শোকাবহ ঘটনা । দেওবাৰে বিয়লি ফিল'বাৰী আমগুৰিৰ সমীপত থকা মৈলাজান নৈত সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লয় মৌচম মৰাণ নামৰ এজন 12 বছৰীয়া কিশোৰে ৷
নৈত সাঁতুৰিবলৈ গৈ সলিল সমাধি ছাত্ৰৰ ৷ - মৃত্যু
নৈত সাঁতুৰিবলৈ গৈ ফিল'বাৰীত ১২ বছৰীয়া ছাত্ৰৰ সলিল সমাধি । মৈলাজান নৈত সংঘটিত হৈছে এই ঘটনা ৷
জানিব পৰা মতে, সাঁতুৰি থকা অৱস্থাত হঠাৎ সন্ধানহীন হৈ পৰে কিশোৰজন ৷ এই ঘটনাৰ খবৰ পাই স্থানীয় কেইবাজনো যুৱকে নৈখনত মৌচমৰ সন্ধানত অভিযান চলায় ৷ প্ৰায় এক ঘন্টা সময় ধৰি চলোৱা অভিযানৰ অন্তত মৌচমক উদ্ধাৰ কৰি প্ৰথম অৱস্থাত ফিল'বাৰী আৰু পৰৱৰ্তী সময়ত ডুমডুমা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতেই মৌচম মৰাণৰ মৃত্যু হয় । অঞ্চলটোৰ সমাজসেৱক কমল মৰাণ আৰু গাভৰুভেটি গাওঁ পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্যা সুমিত্ৰা ছেত্ৰী মৰাণৰ জেষ্ঠ পুত্ৰ মৌচম ডিগবৈৰ আৰ. ডি. বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল ৷ তেওঁৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক :তেজপুৰ জুবিনিয়ানছৰ পৰিবেশ দিৱসৰ উপলক্ষে এক বিশেষ ভিডিঅ' মুকলি