অসম

assam

ETV Bharat / state

Tinsukia Press Club: তিনিচুকীয়া সাংবাদিক চ’ৰাৰ দশম সংখ্যক অধিৱেশন সম্পন্ন

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ দশম সংখ্যক অধিৱেশন অনুষ্ঠিত ৷ তিনিচুকীয়া চহৰত অৱস্থিত নিজা কাৰ্যালয়ত দশম সংখ্যক অধিৱেশন অনুষ্ঠিত হয় সাংবাদিক চ’ৰাৰ (10th Conference of Tinsukia Press Club) ৷

By

Published : May 28, 2023, 9:30 PM IST

Tinsukia Press Club
তিনিচুকীয়া সাংবাদিক চ’ৰা

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ অধিৱেশন

তিনিচুকীয়া, 28 মে’: তিনিচুকীয়াৰ সংবাদকৰ্মীসকলৰ মূল সংগঠন তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আজি পুৱাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়া চহৰত অৱস্থিত নিজা কাৰ্যালয়ত দশম সংখ্যক অধিৱেশন অনুষ্ঠিত হয় ৷ প্ৰথমে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি কমল তালুকদাৰে আৰু শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে ৷ দ্বিতীয় কাৰ্যসূচী হিচাবে জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ঋষি দাস আৰু জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে সাংবাদিকসকলক উদ্দেশ্যি সংবাদ পৰিবেশনৰ লগতে দায়বদ্ধতাৰ উপৰত কিছু আলোকপাত কৰে (10th Conference of Tinsukia Press Club) ৷

ইয়াৰ পাচতেই তিনিচুকীয়াৰ দুগৰাকী সংবাদকৰ্মীৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ বাবে দুই সুযোগ্য সন্তানক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইয়াৰ পাচতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ অন্তত সভাপতি কমল তালুকদাৰৰ সভাপতিত্বত অন্তিমখনি চ’ৰাৰ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ সভাখনিৰ আঁত ধৰে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে ৷ সাধাৰণ সভাখনত বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন সম্পাদক প্ৰণৱ ফুকন আৰু বিত্তীয় প্ৰতিবেদন বিত্ত সম্পাদক উমেশ সিঙে পাঠ কৰে (Tinsukia Press Club) ৷

সভাৰ শেষৰ ফালে চ’ৰাৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে সাংবাদিক চ’ৰাৰ 19 গৰাকী সদস্যই আলোচনা কৰে আৰু পুৰণা কমিটি ভংগ কৰা হয় ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আমন্ত্ৰণ মৰ্মে অৱসৰপ্ৰাপ্ত সাংবাদিক হিমেন ভট্টাচাৰ্য আৰু তিনিচুকীয়া সাংবাদিক চ’ৰাৰ প্ৰাক্তন সভাপতি সৰোজ গোঁহায়ে নিৰ্বাচনী বিষয়া হিচাবে উপস্থিত থাকি আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতি গঠন প্ৰক্ৰিয়ালৈ আগবাঢ়ে (Conference of Tinsukia Press Club) ৷

নতুন সমিতিৰ সভাপতি পদৰ বাবে ৰঞ্জিত দত্ত আৰু কমল তালুকদাৰ, উপ-সভাপতি পদৰ বাবে কৃষ্ণা উপাধ্যায় আৰু উমেশ সিং, সম্পাদক পদৰ বাবে বিকাশ বৰুৱা আৰু চিন্ময় শৰ্মা, সহকাৰী সম্পাদক পদৰ বাবে বিপ্লৱ চেতিয়া আৰু প্ৰমোদ সিং, বিত্ত সম্পাদক পদৰ বাবে অৰ্জুন মিশ্ৰ, তিনিটা কাৰ্যনিৰ্বাহক পদৰ বাবে সুৰজ দাস, বিজয় শৰ্মা আৰু হিৰালাল শৰ্মাই মনোনয়নপত্ৰ দাখিল কৰে ৷ তাৰ পাচতে 19 টা ভোটৰ বিপৰীতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে সভাপতিৰ পদত কমল তালুকদাৰে 12 টা ভোট, উপ-সভাপতি উমেশ সিঙে 11 টা আৰু সম্পাদক চিন্ময় শৰ্মাই 14 টা ভোট লাভ কৰি জয়যুক্ত হয় (Tinsukia Press Club Conference) ৷

লগতে পঢ়ক:Kaliabor News: কলিয়াবৰত শীঘ্ৰেই নিৰ্মাণ হ’ব তিনিখনকৈ উচ্চ শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details