ধুবুৰী, 2 নৱেম্বৰ : সোমবাৰে ঐক্য সেনা অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ অসম-মেঘালয়ৰ মাজত বাণিজ্যিক সেৱা পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে সংগঠনটোৱে মুখ্যমন্ত্ৰীক প্ৰদান কৰে স্মাৰকপত্ৰ ৷
মেঘালয়ৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ঐক্য সেনা অসমৰ - ক'ভিড-19
অসম-মেঘালয়ৰ মাজত বাণিজ্যিক সেৱা পুনৰ মুকলি কৰাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ঐক্য সেনা অসমৰ ৷ শীঘ্ৰে আন্তঃৰাজ্যিক বাণিজ্যিক সেৱা মুকলি কৰাৰ আহ্বান জনাই সংগঠনটোৱে ৷

উল্লেখ্য যে, জিলাখনৰ শ্ৰমিকসকলে মেঘালয়ত বিভিন্ন কামত নিয়োজিত হৈ পৰিয়াল পোহপাল দি আহিছিল কিন্তু ক'ভিড-19 ৰ বাবে মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে সকলো কাম ৷ যাৰবাবে কৰ্ম সংস্থাপনৰ অভাৱত শ্ৰমিকসকলে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ৷ পুনৰ দুয়োখন ৰাজ্য়ৰ মাজত আন্তঃৰাজ্যিক ব্যৱসায় খুলি দিয়াৰ বাবে সংগঠনটোৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ সভাপতি গফুৰ আহমেদৰ নেতৃত্বত মেঘালয়ৰ শক্তি মন্ত্ৰীৰ যোগেদি মুখ্যমন্ত্ৰী কনৰাড চাংমাক শ্ৰমিক তথা ব্যৱসায়ৰ অনুমতি বিচাৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
লগতে পঢ়ক :ধুবুৰীত ক'ভিড প্ৰট'কলৰ মাজেৰে আৰম্ভ বিদ্যালয়ৰ পাঠদান