অসম

assam

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে হাটশিঙিমাৰীত টেট শিক্ষকৰ প্ৰতিবাদ - Teacher Protest

সমগ্ৰ ৰাজ্যযুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন টেট শিক্ষকৰ ৷

টেট শিক্ষকৰ প্ৰতিবাদ

By

Published : Mar 7, 2019, 9:50 PM IST


হাটশিঙিমাৰী, 7 মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে হাটশিঙিমাৰীটো প্ৰতিবাদ সাব্যস্ত কৰে টেট শিক্ষকসকলে ৷ চাকৰি নিয়মীয়াকৰণকে ধৰি অন্যান্য দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে ৷

সুশাসনৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ শিক্ষকসমাজ নামিল প্ৰতিবাদত ৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যব্যাপী টেট শিক্ষকসকলে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ঠিকাভিত্তিক টেট শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

টেট শিক্ষকৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ প্ৰায় ডেৰ শতাধিক ঠিকাভিত্তিক টেট শিক্ষকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰাৰ লগতে কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে ৷ বিনা চৰ্তে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details